গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত ৰায়দান কৰিব।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলায়ন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইফালে, চৰকাৰী অধিবক্তাই আদালতত যুক্তি দাঙি ধৰি কয় যে যদি শ্যামকানু মহন্তই জামিন লাভ কৰে, তেন্তে তেওঁ পুনৰ পলায়ন কৰাৰ আশংকা আছে।
ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে আজি গ্রহণ কৰিছিল জামিনৰ শুনানি। শুনানিত শ্যামকানুৰ হৈ যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা প্রাণ বৰাই আৰু জামিন নাকচৰ বাবে যুক্তি দৰ্শাই মহাধিবক্তা দেৱজিৎ লন শইকীয়াই যুক্তি দাঙি ধৰিছিল।
এই সন্দৰ্ভত ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত ৰায়দান দিব।
ডিজিটেল ডেস্ক, ২৫ মে’