নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহজ জয়েৰে আইপিএলত অভিযান চেন্নাইৰ

🔹 উদ্বোধনী মেচত পৰাস্ত ৰয়েল চেলেঞ্জার্ছ

বিশেষ বাৰ্তা, ২৩ মার্চ : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে সহজ জয়েৰে আইপিএলত অভিযান আৰম্ভ কৰিছে৷ চেন্নাইত অনুষ্ঠিত ৰোমাঞ্চকৰ উদ্বোধনী মেচখনত নৱনিযুক্ত অধিনায়ক ৰুতুৰাজ গাইকোৱাড নেতৃত্বাধীন চেন্নায়ে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে৷ মেচখনত বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়া ১৭৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শিৱম ডুবেৰ অপৰাজিত ৩৮, ৰবীন্দ্র জাদেজাৰ অপৰাজিত ২৫ আৰু ৰাচিন ৰবীন্দ্রৰ ৩৭ ৰানৰ সহায়ত চেন্নায়ে ১৮.২ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অধিনায়ক গাইকোৱাডে ১৫ ৰানৰ অৰিহণা আগবঢ়োৱাৰ লগতে আজিংক্য ৰাহানেই ২৭ আৰু ডাৰিল মিচেলে ২২ ৰানৰ অৱদান আগবঢ়ায়৷ ডুবে আৰু জাদেজাই পঞ্চম উইকেটত অপৰাজিতভাৱে ৬৬ ৰান সংগ্রহ কৰি দলক জয়ৰ সোৱাদ দিয়ে৷ ডুবেৰ ২৮টা বলৰ ইনিংছটোত আছিল পাঁচটা ৪ আৰু এটা ৬৷ আনহাতে, জাদেজাৰ ১৭টা বলৰ ইনিংছটোত আছিল ১টা ছয়৷ বেংগালুৰুৰ হৈ কেমেৰন গ্রীনে সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অনুজ ৰাৱট আৰু দীনেশ কার্তিকৰ দায়িত্বশীল বেটিঙৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৩ ৰান সংগ্রহ কৰে৷ অ’পেনাৰদ্বয় বিৰাট কোহলি আৰু অধিনায়ক ফাফ ডু প্লেচিছে প্রথম উইকেটৰ যুটিত ৪১ ৰান সংগ্রহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে যদিও মাত্র দুই ৰানৰ ব্যৱধানত তিনিটাকৈ উইকেট হেৰুৱাই বিপদত পৰে৷ ডু প্লেচিছে ২৩টা বলত ৩৫, ৰজত পাটিদাৰে ০ আৰু গ্লেন মেক্সৱেলেও কোনো ৰান নকৰাকৈ বিদায় লয়৷ ২০টা বলত ২১ ৰান কৰা কোহলিয়ে কেমেৰন গ্রীনৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰাৰ চেষ্টা কৰে যদিও দলীয় স্ক’ৰ ৭৭ ৰানত কোহলিয়ে বিদায় লয়৷ কোহলিেয় বিদায় লোৱাৰ ক্ষন্তেক পিছতে গ্রীনো পেভিলিয়নমুখী হয়৷ অষ্ট্রেলিয়ান খেলুৱৈগৰাকীয়ে ১৮ ৰানৰ অৱদান আগবঢ়ায়৷ অৱশ্যে অনুজ ৰাৱট আৰু দীনেশ কার্তিকে ষষ্ঠ উইকেটত ৯৫ ৰান সংগ্রহ কৰি দলটোক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ ৰাৱটে ২৫টা বলত চাৰিটা চাৰি আৰু তিনিটা ছয়েৰে ৪৮ ৰান কৰে৷ ইফালে, কার্তিকে ২৬টা বলত তিনিটা চাৰি আৰু দুটা ছয়েৰে ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে৷ চেন্নাই ছুপাৰ কিংছৰ হৈ বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানে সর্বাধিক চাৰিটা উইকেট লাভ কৰাৰ লগতে দীপক চহৰে এটা উইকেট লাভ কৰে৷

You might also like