নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সন্তান গৌৰাংগলাল দাস দক্ষিণ কোৰিয়াৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত

বিদেশ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসাৰে জ্যেষ্ঠ কূটনীতিক গৌৰাংগলাল দাস-ক কোৰিয়া গণৰাজ্যৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰা হৈছে।

১৯৯৯ বেটচৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়া গৌৰাংগলাল দাস বৰ্তমান মন্ত্ৰালয়ত যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। Ministry of External Affairs (MEA) এক বিবৃতিত কোৱা হৈছে, “তেওঁ শীঘ্ৰেই ছিউলত নতুন দায়িত্ব গ্ৰহণ কৰিব।”

দক্ষিণ কোৰিয়াত অৱস্থিত ভাৰতীয় দূতাৱাসে সামাজকি মাধ্যমত এই ঘোষণা কৰিছে। দক্ষিণ কোৰিয়াৰ ভাৰতীয় দূতাৱাসে কয়, “গৌৰাংগলাল দাসক কোৰিয়া গণৰাজ্যৰ পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰা হৈছে।” বৰ্তমান অমিত কুমাৰ দক্ষিণ কোৰিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ

You might also like