নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীৰ বর্বৰতা : কাশ্মীৰত ১০ তীর্থযাত্রীক গুলীয়াই হত্যা

বিশেষ বাৰ্তা, ১০ জুন : বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটৰ চৰকাৰে তৃতীয়বাৰৰ বাবে শপতগ্রহণ কৰাৰ দিনটোতে জম্মু–কাশ্মীৰত সংঘটিত হ’ল সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণ৷ দেওবাৰে জম্মু–কাশ্মীৰৰ ৰিয়াছি জিলাত সন্ত্রাসবাদীয়ে চলোৱা আক্রমণত ১০জন তীর্থযাত্রীৰ মৃত্যু হোৱাৰ লগতে আন ৩০জন আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি, শিৱ খোৰি মন্দিৰৰ পৰা তীর্থযাত্রীৰ দলটো এখন বাছেৰে কাট্রা অভিমুখে গৈ আছিল৷ সেই সময়তে ৰিয়াছি জিলাত সন্ত্রাসবাদীয়ে চলোৱা আক্রমণৰ ফলত তীর্থযাত্রী কঢ়িয়াই নিয়া বাছখন দ’ খাৱৈত বাগৰি পৰে৷ এই খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷  ১০জন তীর্থযাত্রীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আৰক্ষীৰ প্রাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি মুখত কাপোৰ বান্ধি অহা দুজন সন্ত্রাসবাদীয়ে বাছখনক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে৷ সন্ত্রাসবাদীৰ এই আক্রমণত প্রথমে বাছখনৰ চালক আঘাতপ্রাপ্ত হয়৷ যাৰ ফলত নিয়ন্ত্রণ হেৰুৱাই বাছখন দ খাৱৈত বাগৰি পৰে৷ ৰিয়াছি আৰু ৰাজৌৰী জিলাৰ সীমামূৰীয়া অঞ্চলত এই ঘটনা সংঘটিত হৈছে৷ এই ভয়ংকৰ আক্রমণৰ তথ্য পোহৰলৈ অহাৰ পাছতে প্রশাসন আৰু জম্মু আৰক্ষীৰ শীর্ষ বিষয়াসকল ঘটনাস্থলীলৈ ৰাওনা হয়৷ সমান্তৰালভাৱে সমগ্র অঞ্চলটোত সন্ত্রাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে৷ এই ঘটনাত গভীৰ শোক প্রকাশ কৰিছে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে৷ এক্স হেণ্ডেলত প্রতিক্রিয়া প্রকাশ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে দোষীক কেতিয়াও সাৰি যাবলৈ দিয়া নহ’ব৷ ইতিমধ্যে কেন্দ্রীয় মন্ত্রী শ্বাহে ঘটনা সন্দর্ভত জম্মু–কাশ্মীৰৰ লেফটেনেণ্ট গৱর্নৰ আৰু আৰক্ষী সঞ্চালকপ্রধানৰ সৈতে বার্তালাপ কৰা বুলিও সদৰী কৰিছে৷ উল্লেখ্য যে আহতসকলক স্থানীয় হাস্পতালত ভর্তি কৰোৱা হৈছে৷ অৱশ্যে সন্ত্রাসবাদীৰ আক্রমণত নিহতসকলৰ পৰিচয় সম্পূর্ণৰূপে স্পষ্ট হোৱা নাই৷ স্থানীয় প্রশাসনে সদৰী কৰা অনুসৰি নিহত লোকসকল স্থানীয় বাসিন্দা নহয়৷ ইয়াৰে অধিকাংশই উত্তৰ প্রদেশৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷

You might also like