নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত বিপদ : ১,৮২৩ কোটিৰ কৰ আদায়ৰ জাননী আয়কৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ মাৰ্চঃ লোকসভা নির্বাচনৰ সময়ত কংগ্রেছলৈ আন এক আঘাত৷ আয়কৰ বিভাগে জৰিমনা আৰু সুদসহ ১,৮২৩ কোটি টকাৰ কৰ জাননী প্রেৰণ কৰিছে কংগ্রেছলৈ৷ দিল্লী উচ্চ ন্যায়ালয়ে কংগ্রেছৰ কৰ পুনৰ মূল্যায়নৰ আবেদন খাৰিজ কৰাৰ পিছতেই কৰ বিভাগে দলটোলৈ ১,৮২৩ কোটি টকাৰ কৰ জাননী প্রেৰণ কৰিছে৷ এই কৰৰ জাননীখন হৈছে ২০১৭–১৮ৰ পৰা ২০২০-২১ চনৰ কৰ আদায়ৰ জাননী৷ উল্লেখ্য যে আয়কৰ বিভাগে কংগ্রেছলৈ কৰ আদায়ৰ ২১০ কোটি টকাৰ জাননী আৰু কংগ্রেছৰ একাউণ্ট জব্দ কৰাক লৈ দলটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিল৷ লোকসভা নির্বাচনৰ প্রক্রিয়া চলি থকাৰ সময়তে কংগ্রেছৰ একাউণ্ট আয়কৰ বিভাগে জব্দ কৰাৰ পিছত দলটো তীব্র আর্থিক সংকটৰ মাজত ডুবি থকাৰ সময়তে পুনৰ আয়কৰ বিভাগে ১,৮২৩ কোটি টকাৰ কৰ আদায়ৰ জাননী প্রেৰণ কৰিছে৷ মন কৰিবলগীয়া যে ২০১৭-১৮ চনৰ পৰা ২০২০-২১ চনলৈ কংগ্রেছক জৰিমনাসহ ২১০ কোটি টকা কৰ আদায়ৰ জাননী জাৰি কৰিছিল আয়কৰ বিভাগে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা অজয় মাকেনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, কংগ্রেছৰ সমগ্র নির্বাচনী প্রক্রিয়াটোত ২০১৯ চনত ব্যয় আছিল ৮০০ কোটি টকা৷ ১,৮২৩ কোটি টকা কৰ আদায়ৰ জাননী কিয়? দিল্লী উচ্চ ন্যায়ালয়ে কংগ্রেছৰ আবেদন খাৰিজ কৰাৰ পিছত দলটোৱে এতিয়া উচ্চতম ন্যায়ালয়ৰ ওচৰ চপাৰ যো-জা কৰিছে৷ লোকসভা নির্বাচনৰ সময়ত আয়কৰ বিভাগে কংগ্রেছৰ ওপৰত কৰ আদায়ৰ জাননী প্রেৰণ কৰা প্রক্রিয়াটো বিজেপিৰ কৰ সন্ত্রাসবাদ আখ্যা দিছে দলটোৱে৷ অহা ১৯ এপ্রিলৰ পৰা লোকসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ হোৱাৰ সময়তে কংগ্রেছৰ পুঁজিক লৈ বিজেপিয়ে যিধৰণৰ ষড়যন্ত্র কৰিছে, তাৰ বাবে পৰৱর্তী সময়ত জনতাই তাৰ প্রত্যুত্তৰ দিব বুলিও কয় দলটোৱে৷

You might also like