নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লেডী শ্বাহৰুখ’ কংগনা

বিশেষ বাৰ্তা, ২৮ মাৰ্চ : কংগনা ৰানাৱত এতিয়া বলীউডৰ কেন্দ্ৰবিন্দু। চলচ্চিত্ৰ জগততেই নহয়, কংগনাই হিমাচলৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈ বলীউডত খলকনি তুলিছে। যদিও কংগনাৰ ৰাজনীতিত প্ৰৱেশক লৈ কোনো সন্দেহ নাছিল। ইয়াৰ মাজতে কংগনাৰ চলচ্চিত্ৰ কেৰিয়াৰক লৈ প্ৰশ্ন উত্থাপন হৈছে। শেহতীয়াকৈ সংবাদ মেলত কংগনাই তেওঁৰ ছবি ফ্লপ হোৱাক লৈ মুখ খুলিলে। শ্বাহৰুখৰ কথা কওঁতে কংগনাই কয় যে তেওঁ এতিয়া বলীউডৰ ‘লেডী শ্বাহৰুখ’!কংগনাই কয়- শ্বাহৰুখে ১০ বছৰ হিট ছবি দিয়া নাছিল। তাৰ পিছত চাওক পাঠান, জৱান, ডাংকি ব্লকবাষ্টাৰ! সকলোৰে কেৰিয়াৰত এনেকুৱা হয়েই। মোৰো একেৰাহে ফ্লপ হৈ থকা সময়তে কুইন ছুপাৰহিট হৈ পৰিল। প্ৰসংগক্ৰমে কংগনাই দুবছৰমান পূৰ্বে এক সাক্ষাৎকাৰত নিজৰ ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁ হিমাচল প্ৰদেশৰ মণ্ডী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে। সেই ইচ্ছা এইবাৰ পূৰণ হ’ল। এইবাৰ গেৰুৱা শিবিৰৰ টিকটত পোনপটীয়াকৈ নিৰ্বাচনী খেলপথাৰত নামিছে বলীউডৰ ‘ৰাণী’।

You might also like