নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলত মোক্ষম আঘাত : শ্ৰীলংকাৰে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ বুমৰাহ

বিশেষ বাৰ্তা ৯ জানুৱাৰীঃ কাইলৈৰ পৰা ভাৰতীয় ক্ৰিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিবলৈ সাজু হৈছে। কিন্তু এটা মোক্ষম আঘাতৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। কিয়নো শৃংখলাৰ পৰা বাহিৰ হৈছে তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ। এদিনীয়া শৃংখলাৰ প্রথমখন খেলৰ বাবে গুৱাহাটীত উপস্থিত হৈছে টীম ইণ্ডিয়া, কিন্তু দলৰ সৈতে যোৱা নাই বুমৰাহ৷ ক্ৰিকবাজত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিচিচিআইৰ এক সূত্ৰই জনোৱা মতে, ব’ৰ্ডে তেওঁক খৰখেদা কৰিব নিবিচাৰে। ইয়াৰ পূৰ্বে বিচিচিআয়ে নিজেই জনাইছিল যে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বুমৰাহক ভাৰতীয় দলৰ অংশ হিচাপে সাজু কৰি তোলা হৈছে। ব’ৰ্ডে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয় যে “শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক মেচৰ এদিনীয়া শৃংখলাৰ বাবে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহক দলত অন্তৰ্ভুক্ত কৰিছে।” এই কথা ৩ জানুৱাৰীৰ প্ৰেছ বিজ্ঞপ্তিত বিচিচিআইৰ তৰফৰ পৰা কোৱা হৈছিল। ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় দলৰ পৰা আঁতৰি আছে যশপ্ৰীত বুমৰাহ। ইয়াৰ বাবেই তেওঁ যোৱা বছৰ খেলা আইচিচি টি-২০ বিশ্বকাপতো অংশ ল’ব নোৱাৰিলে। প্ৰেছ বিজ্ঞপ্তিযোগে তেওঁৰ ফিটনেছৰ বিষয়ে বৰ্ণনা কৰি বিচিচিআয়ে কৈছিল, ‘বেগী বলাৰগৰাকীয়ে পুনৰ্বাসনৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছে আৰু নেচনেল ক্ৰিকেট একাডেমীয়ে তেওঁক ফিট বুলি ঘোষণা কৰিছে। অতি সোনকালে তেওঁ ভাৰতৰ এদিনীয়া দলত যোগদান কৰিব।” তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় দলটোৱে এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু এদিনীয়া বিশ্বকাপৰ দৰে গুৰুত্বপূৰ্ণ আই চি চি প্ৰতিযোগিতা খেলিবলগীয়া হৈছে। এনে পৰিস্থিতিত বিচিচিআয়ে তেওঁলোকৰ সন্দৰ্ভত কোনো ধৰণৰ ৰিস্ক ল’ব নিবিচাৰিব। ইফালে শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া দলটো হল- ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলি, সূৰ্য্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, মহম্মদ ছামি , মহম্মদ চিৰাজ, উমৰান মালিক আৰু অৰ্শ্বদীপ সিং।

You might also like