নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আকস্মিক পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁৱৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰৰ আৱাসীৰ বাবে থকা সুযোগ সুবিধাসমূহৰ বুজ লয়। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ দ্বাৰা পৰিচালিত “মাদকদ্ৰব্য প্ৰতিৰোধ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ” ত উপস্থিত হৈ কেন্দ্ৰটোৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে পোনে পোনে গৈ Willing- Way Wellness Societyৰ দ্বাৰা পৰিচালিত এটা নিচামুক্তি কেন্দ্ৰত উপস্থিত হয়গৈ। নিচামুক্তি কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত আৱাসীৰ বাবে সুবিধাৰ অভাৱ দেখি মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক কঠোৰ সকীয়নিৰে আগন্তুক ১৫ দিনৰ ভিতৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত মন্ত্ৰীগৰাকীয়ে Lifeline Rehabilitation Centre নামৰ এটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ আৱাসীসকলেৰে মত বিনিময় কৰে। এই কেন্দ্ৰ পৰিদৰ্শনৰ সময়তে এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বিগত দীৰ্ঘ সময় ধৰি নিচাৰ পৰা মুক্তি পোৱাৰ পাছতো আত্মীয়ৰ সদিচ্ছাৰ অভাৱত প্ৰায় এবছৰ ধৰি ঘৰলৈ ঘূৰি যোৱাৰ সুযোগ লাভ কৰা নাই বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি মানুহজনক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে একমাত্ৰ টকা লাভ কৰি থকাৰ স্বাৰ্থতে যাতে নিচাৰ আসক্তিৰ পৰা মুক্তি লাভ কৰা ব্যক্তিক নিচামুক্তি কেন্দ্ৰত ৰাখি নথয় তাৰ বাবেও মন্ত্ৰী পীযুষ হাজৰীকাই কেন্দ্ৰটোৰ স্বতাধিকাৰীগৰাকীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। এইক্ষেত্ৰত নিচামুক্তি কেন্দ্ৰসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পাছত মন্ত্ৰীগৰাকীয়ে সমীপৱৰ্তী এটা বৃদ্ধাশ্ৰম আৰু সমাজ কল্যাণ বিভাগৰ অধীনত থকা এটা শিশু গৃহও পৰিদৰ্শন কৰি আৱাসীসকলেৰে বাৰ্তালাপ কৰে। পৰিৰ্শনকালত বিধায়কত্ৰয় ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ লগতে নগাঁৱৰ উপায়ুক্তগৰাকী উপস্থিত থাকে ।

You might also like