নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক বিশ্বকাপত ৰোহিতেই টীম ইণ্ডিয়াৰ অধিনায়ক!

বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ৷ ইয়াৰ পূর্বে অনুষ্ঠিত হ’ব এছিয়া কাপ ক্রিকেট৷ কিন্তু এদিনীয়া আৰু টেষ্টত ৰোহিত শর্মাৰ নেতৃত্বক লৈ অনুৰাগীৰ মাজত সংশয়ে দেখা দিছে৷ এইক্ষেত্রত আজি ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ পৰা সেউজ সংকেত পোৱা গ’ল৷ নতুন বছৰৰ প্রথম দিনাই অনুষ্ঠিত ব’ৰ্ডৰ বৈঠকৰ অন্তত নাম প্রকাশত অনিচ্ছুক এগৰাকী কর্মকর্তাই কয় ‘ৰোহিতে এতিয়া ভাৰতক টেষ্ট আৰু এদিনীয়াত নেতৃত্ব প্রদান কৰিছে৷ এই দুই সংস্কৰণত তেওঁৰ নেতৃত্বক লৈ কোনো আলোচনা হোৱা নাই৷ কোনেও সন্দেহো প্রকাশ কৰা নাই৷ টেষ্ট আৰু এদিনীয়া ক্রিকেটত তেওঁৰ ৰেকর্ডো ভাল৷ সেইবাবে তেওঁক নেতৃত্বৰ পৰা আঁতৰোৱাৰ দাবী কোনেও উত্থাপন কৰা নাই৷’ এই মন্তব্যৰ পৰা সহজে অনুমান কৰিব পাৰি যে আগন্তুক বিশ্বকাপত ৰোহিতকেই অধিনায়ক হিচাপে দেখা যাব৷

You might also like