নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ ওপৰত চীনৰ নদীবান্ধ সামৰিক ভাবুকিতকৈ ভয়ংকৰ

🔹 অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ বিস্ফোৰণ

নিউজ ডেস্ক, ১১ জুলাই : ব্রহ্মপুত্রৰ উপৰিভাগত নির্মাণ কৰিছে বিশ্বৰ বৃহৎ নদীবান্ধ৷ ভাৰতৰ বাবে জলবোমা চীনৰ৷ বেইজিঙত এই বৃহৎ নদীবান্ধে ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ গভীৰ ভাবুকি কঢ়িয়াই আনিব৷ এই মন্তব্য অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ৷

ৰাষ্ট্রীয় সংবাদ মাধ্যম পিটিআইৰ সৈতে হোৱা সাক্ষাৎকাৰত অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে চীনে ব্রহ্মপুত্রৰ উপৰিভাগত নির্মাণ কৰা বৃহৎ নদীবান্ধে ভাৰতলৈ বিপদ মাতি আনিব বুলি কয়৷ সামৰিক ভাবুকিতকৈও ভয়ংকৰ ব্রহ্মপুত্রৰ উপৰিভাগত চীনে নির্মাণ কৰি থকা বৃহৎ নদীবান্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী খাণ্ডুৱে কয়– এই নদীবান্ধে আমাৰ জনজাতি আৰু জীৱিকাৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ ই এই কাৰণেই ভয়াৱহ যে চীনে এই নদীবান্ধটো জলবোমা হিচাপে ব্যৱহাৰ কৰিব পাৰে৷

উল্লেখ্য যে চীন কোনো আন্তর্জাতিক জল বিনিময় চুক্তিৰ অংশীদাৰ নহয় বাবে দেশখনে এনেধৰণৰ বৃহৎ নদীবান্ধ প্রকল্প নির্মাণ কৰিব পাৰে৷ তদুপৰি মুখ্যমন্ত্রী খাণ্ডুৱে কয়– ইয়াৰলুং ছাংপো (ব্রহ্মপুত্রৰ তিব্বতী নাম)ৰ উপৰিভাগত বিশ্বৰ বৃহত্তম নদীবান্ধ নির্মাণ কৰিছে চীনে৷ তেওঁলোকক বিশ্বাস কৰিব পৰা নাযায়৷ তেওঁলোকে কি কৰে কোনেও নাজানে৷ সামৰিক আগ্রাসনৰ কথা বাদ দিলেও আমাৰ মতে এই নদীবান্ধ প্রকল্প কোনো সামৰিক আগ্রাসনতকৈ কম নহয়, অধিক উদ্বেগজনক৷ এই বান্ধৰ ফলত আমাৰ অস্তিত্বৰ সংকটপর্যন্ত আহিব পাৰে৷

মন কৰিবলগীয়া যে চীন যিহেতুকে আন্তর্জাতিক জল বিনিময় চুক্তিত নাই, সেই কাৰণে দেশখনে এই বান্ধৰ অপব্যৱহাৰ কৰিব পাৰে৷ বান্ধটো সম্পূর্ণ হৈ যোৱাৰ পিছত কেতিয়াবা যদি চীনে অলপ পানীও এৰি দিয়ে তেতিয়াহ’লে অৰুণাচলৰ চিয়াং উটি–ভাহি যাব আৰু কেতিয়াবা এই বান্ধৰ জৰিয়তে ব্রহ্মপুত্রৰ পানী নিজৰ পিনে বোৱাই নিব পাৰে৷ ইয়াৰ উপৰি বান্ধ নির্মাণ হৈ উঠিলে ভূতাত্ত্বিক কিছু সমস্যাও আহিব পাৰে৷ অৰুণাচলত ভূমিকম্পৰ দৰে প্রাকৃতিক বিপর্যয়ৰ সম্ভাৱনাও বৃদ্ধি পাব৷ এনে ভয়ানক নদীবান্ধৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে চীনৰ এই ষড়যন্ত্রক মষিমূৰ কৰিবলৈ পদক্ষেপ গ্রহণ কৰিবলৈ কেন্দ্রক আহ্বান জনাইছে৷

তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রকো ব্রহ্মপুত্রক লৈ প্রকল্প গ্রহণ কৰাৰ পৰামর্শ আগবঢ়াইছে৷ চীনৰ এই নির্মীয়মাণ প্রকল্পটোত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয় হ’ব আৰু ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব৷ হিমালয়ৰ ভূমিকম্পপ্রৱণ অঞ্চলটোত চীনৰ এনে বিশ্বৰ বৃহৎ নদীবান্ধে পৰিস্থিতিতন্ত্রৰ ওপৰতো আঘাত হনাটো নিশ্চিত৷

You might also like