নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলৰ দিশে অগ্রসৰ হৈছে টিয়ানৱেন–১

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰক্তাভ গ্রহ মঙলক লৈ চীনে চলোৱা অভিযানে সফলতা লাভ কৰিব বুলি দেশখনৰ ৰাষ্ট্রীয় মহাকাশ প্রশাসন (চিএনএছএ)এ আশা প্রকাশ কৰিছে৷ চি এন এছ এৰ পৰা প্রেৰণ কৰা টিয়ানৱেন–১ যানখনে ১৬৩ দিনৰ ভিতৰত ৪০০ নিযুত কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্রম কৰিছে৷ অহা মাহত মঙলৰ কক্ষপথত প্রৱেশ কৰাৰ সম্ভাৱনা আছে টিৱানৱেন–১এ৷ দেশখনৰ মহাকাশ গৱেষণা সংস্থাটোৰ মতে মঙলৰ কক্ষপথত প্রৱেশৰ পূর্বে টিৱানৱেন–১ৰ গতি মন্থৰ হৈ পৰিব৷ প্রায় তিনি মাহ ধৰি কক্ষপথত ঘূৰাৰ পিছত ৰঙা গ্রহটোৰ পৃষ্ঠত অৱতৰণ কৰিব টিয়ানৱেন–১এ৷ স্মর্তব্য যে ২০২০ৰ ২৩ জুলাইত মঙল অভিমুখে উৎক্ষেপণ কৰা হৈছিল টিয়ানৱেন–১ক৷ টিয়ানৱেন–১ত আছে এটা অর্বিটাৰ, এটা লেণ্ডাৰ আৰু এটা ৰ’ভাৰ৷ এই যানখনৰ মুঠ ওজন হৈছে ৫ টন৷ মঙল অভিযানত অর্বিটিং, লেণ্ডিং আৰু ৰ’ভিঙৰ বাবে বিশেষভাৱে ডিজাইন প্রস্তুত কৰা হৈছিল টিয়ানৱেন–১ৰ৷ মঙল পৃষ্ঠত অৱতৰণ কৰাৰ পিছত ৰঙা গ্রহটো সন্দর্ভত বিভিন্ন তথ্য টিয়ানৱেন–১এ সংগ্রহ কৰিব বুলি আশা প্রকাশ কৰিছে চি এন এছ এই৷ স্মর্তব্য যে ক’ভিড–১৯ সংকট সত্ত্বেও চীনে মঙল অভিযান বন্ধ কৰা নাছিল৷

You might also like