নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অটল টানেলৰ পৰা উদ্ধাৰ ৩০০ পর্যটকক

ঘন তুষাৰপাতে স্তব্ধ কৰিছে হিমাচলৰ যাতায়াত

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ঘন তুষাৰপাতৰ বাবে কালি হিমাচলৰ অটল টানেলত আবদ্ধ হৈ পৰে প্রায় ৩০০ পর্যটক৷ শনিবাৰে পুৱাৰ ভাগতে এই পর্যটকসকলৰ গাড়ী আবদ্ধ হৈ পৰে টানেলত৷ অৱশ্যে পৰৱর্তী সময়ত পর্যটকসকলক উদ্ধাৰ কৰে হিমাচল আৰক্ষীয়ে৷ পর্যটকসকলৰ গাড়ী মানালিলৈ ওভতাৰ পথত লাহাউলতেই আবদ্ধ হৈ পৰিছিল৷ লাহাউল–স্পিটি আৰক্ষীয়ে কুলু আৰক্ষীৰ সৈতে যৌথভাৱে অভিযান চলাই পর্যটকসকলক টানেলৰ পৰা নিশাৰ ভাগত উদ্ধাৰ কৰে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি টানেলৰ পথ অতি পিছল হৈ পৰাৰ বাবেই মানালিলৈ যোৱাৰ পথত গাড়ীবোৰ আবদ্ধ হৈ পৰিছিল৷ আৰক্ষীয়ে মুঠ ৭০খন বাহন লৈ টানেলত প্রৱেশ কৰি মাজনিশালৈকে উদ্ধাৰ অভিযান চলায়৷ এগৰাকী শীর্ষ আৰক্ষী বিষয়াই সদৰী কৰা অনুসৰি নিশা ১২ বজালৈ সকলো পর্যটককে উদ্ধাৰ কৰা হৈছে৷

You might also like