নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেষ্টলিঙৰ পিছত কাবাদী : প্রশিক্ষকৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ প্রশিক্ষকৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ কৰিছে ৰাষ্ট্রীয় পর্যায়ৰ এগৰাকী মহিলা কাবাদী খেলুৱৈয়ে৷ কেৱল ধর্ষণেই নহয়, তেওঁক ব্লেকমেইলিং কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে৷ যোৱা সপ্তাহত ২৭ বছৰীয়া খেলুৱৈগৰাকীয়ে দিল্লীত বাবা হৰিদাস নগৰ থানাত অভিযোগ দাখিল কৰিছিল৷ অভিযোগ অনুসৰি ২০১২ চনত তেওঁৰ সৈতে প্রশিক্ষক যোগেন্দৰৰ চিনাকি হৈছিল৷ দিল্লীৰ এখন প্রতিযোগিতাৰ বাবে তেওঁক প্রশিক্ষণ দিছিল যোগেন্দৰে৷ ২০১৫ চনত সেই খেলুৱৈগৰাকীক ধর্ষণ কৰা বুলি অভিযোগ কৰিছে৷ আৰক্ষীৰ এক সূত্রই কয়, ‘অভিযোগ কৰা হৈছে যে ২০১৮ চনত খেলুৱৈগৰাকীয়ে জয় কৰা ধনৰ ভাগ বিচাৰিছিল প্রশিক্ষকগৰাকীয়ে৷ অভিযোগকাৰীয়ে তেওঁক ৪৩ লাখ ৫০ হাজাৰ টকাও দিছিল৷ ২০২১ চনত ধর্ষিতা খেলুৱৈগৰাকী বিবাহপাশত আবদ্ধ হয়৷ তাৰ পিছৰ পৰাই প্রশিক্ষকজনে ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে৷ সামাজিক মাধ্যমত গোপন ছবি প্রকাশ কৰিবলৈ হুংকাৰ দিয়ে৷ এই অভিযোগৰ ভিত্তিতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে কিছুদিন পূর্বে ৰাষ্ট্রীয় ৰেষ্টলিং সন্থাৰ সভাপতি ব্রীজভূষণ চৰনসিঙৰ বিৰুদ্ধেও যৌন আতিশয্যৰ অভিযোগ উত্থাপিত হৈছিল৷ পিছত তেওঁক সন্থাৰ দায়িত্বৰ পৰা নির্বাসিত কৰা হয়৷

You might also like