নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ উদ্ধতালি : তুৰস্কগামী ভাৰতীয় বিমানক আকাশমার্গ ব্যৱহাৰত বাধা

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ ভূমিকম্পত বিধ্বস্ত তুৰস্কলৈ সাহায্য সামগ্রী কঢ়িওৱা ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমানক আকাশমার্গ ব্যৱহাৰত অনুমতি নিদি পাকিস্তানে পুনৰ উদ্ধতালি দেখুৱালে৷ এনডিআৰএফৰ দল আৰু চিকিৎসা সামগ্রীসহ বিমান এখন ভাৰতে পাকিস্তানৰ আকাশমার্গৰে তুৰস্কলৈ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰে যদিও পাকিস্তানে দেশখনৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিলে৷ উল্লেখ্য যে মানৱীয়তাৰ খাতিৰত আকাশমার্গ ব্যৱহাৰ কৰিবলৈ নিদি পাকিস্তানে দেখুওৱা উদ্ধতালিয়ে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে তুৰস্কগামী ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমানক আকাশমার্গ ব্যৱহাৰত পাকিস্তানে এইবাৰেই প্রথম নহয়, ইয়াৰ পূর্বেও দেশখনে ভাৰতীয় বিমান উৰণত দেশখনৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল৷ তাৎপর্যপূর্ণ যে পশ্চিমৰ দেশ বিশেষকৈ তুৰস্ক, ইউক্রেইন, ইউৰোপৰ দেশলৈ যাবলৈ ভাৰতে পাকিস্তানী আকাশমার্গ ব্যৱহাৰ কৰিব লাগে৷

You might also like