নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা আইপিএল : নিলামত ৪০৯ ক্রিকেটাৰ

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ ২৬ ফেব্রুৱাৰীত মহিলাৰ টি–২০ বিশ্বকাপ শেষ হোৱাৰ এসপ্তাহৰ ভিতৰতে মহিলাৰ আইপিএল আৰম্ভ হ’ব৷ চাৰি মার্চৰ পৰা ২৬ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাৰ আটাইবোৰ মেচেই মুম্বাইত খেলোৱা হ’ব৷ ব্রেব’ন আৰু ডি ৱাই পাটিল ষ্টেডিয়ামত মেচসমূহ অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ বাবে ১৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব নিলাম৷ প্রতিযোগিতাৰ পূর্ণাংগ সূচী এতিয়াও প্রকাশ কৰা নাই যদিও প্রথমবাৰ অনুষ্ঠিত হ’বলগীয়া মহিলাৰ আইপিএলত ২২খন মেচ অনুষ্ঠিত হ’ব৷ নিলামৰ আগদিনা টি–২০ বিশ্বকাপত ভাৰতে পাকিস্তানৰ বিপক্ষে অৱতীর্ণ হ’ব৷ সেইবাবে নিলামতকৈ সেই মেচখনৰ ওপৰতহে গুৰুত্ব দিছে দলৰ খেলুৱৈসকলে৷ ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ, স্মৃতি মান্ধানা, দীপ্তি শর্মা আৰু ১৯ বছৰ অনূর্ধ্ব টি–২০ বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক শেফালী বার্মাসহ কেইবাগৰাকী ভাৰতীয় খেলুৱৈয়ে সর্বাধিক ৫০ লাখ দৰৰ বাবে নিজৰ নাম পঞ্জীভুক্ত কৰিছে৷ এই শ্রেণীত আছে ২৪গৰাকী খেলুৱৈ৷ অহা ১৩ ফেব্রুৱাৰীত মুম্বাইৰ জি’ ৱর্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া নিলামত উঠিব মুঠ ৪০৯গৰাকী ক্রিকেটাৰ৷ এইসকল খেলুৱৈৰ ২৪৬গৰাকী ভাৰতীয় আৰু ১৬৩গৰাকী বাহিৰৰ৷ তদুপৰি সহযোগী দেশৰ খেলুৱৈৰ সংখ্যা আঠগৰাকী৷ মুঠ চাৰিটা দলত সর্বাধিক ৯০গৰাকী খেলুৱৈক অন্তর্ভুক্ত কৰা হ’ব৷ ইয়াৰ ভিতৰত বিদেশী খেলুৱৈৰ বাবে আছে ৩০টা স্থান৷

You might also like