নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰমুজত আবদ্ধ ২২ ভাৰতীয় জাহাজ, নিৰাপদে ওভতাই অনাৰ বাবে ইৰানৰে আলোচনা দিল্লীৰ

ডিজিটেল ডেস্ক, ১৬ মার্চ : হৰমুজ প্রণালীৰে নির্বিঘ্ণে আৰু কেইবাখনো জাহাজ পাৰ কৰি আনিবলৈ বিচাৰিছে ভাৰতে৷ হৰমুজৰ পশ্চিম প্রান্তত পাৰস্য উপসাগৰত ২২খন ভাৰতীয় জাহাজ আবদ্ধ হৈ আছে৷ সেইসমূহকো যাতে নিৰাপদে ভাৰতলৈ আনিব পৰা যায়, তাক নিশ্চিত কৰিবলৈ ইৰানী কর্তৃপক্ষৰ সৈতে আলোচনা চলাই আছে ভাৰতে৷ পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ সংকীর্ণ প্রণালী হৰমুজ পাৰ হৈ ইতিমধ্যে দুখন জাহাজ ৰাওনা হৈছে ভাৰত অভিমুখে৷ শিৱালিক আৰু নন্দাদেৱী নামৰ এই জাহাজ দুখনত এলপিজি বোজাই কৰি অনা হৈছে৷ এই দুখন জাহাজৰ পিছত বাকীকেইখনকো নির্বিঘ্ণে ভাৰতলৈ আনিবলৈ চেষ্টা চলাইছে দিল্লীয়ে৷

কেন্দ্রৰ বিভিন্ন মন্ত্রালয়ৰ যৌথ সংবাদ মেলত জনোৱা হয় যে হৰমুজৰ পশ্চিম প্রান্তত এতিয়াও ২২খন জাহাজ আবদ্ধ হৈ আছে৷ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে সংবাদ মেলত কয়– ‘আমাৰ কেইবাখনো জাহাজ হৰমুজত আবদ্ধ হৈ আছে৷ দুখন জাহাজ ইতিমধ্যে ভাৰত অভিমুখে ৰাওনা হৈছে৷ এতিয়াও তাত ২২খন জাহাজ আছে৷’

তেওঁ লগতে জনায় যে আবদ্ধ হৈ থকা জাহাজসমূহৰ ভিতৰত চাৰিখনত তেল আছে৷ তদুপৰি আন ৬খনত আছে এলপিজি আৰু এখনত আছে এলএনজি৷ বাকীসমূহৰ ভিতৰত এখনত ৰাসায়নিক আৰু পাঁচখনত বিভিন্ন ধৰণৰ পণ্য অনা হৈছে৷ আনহাতে, এখন জাহাজ খালী হৈয়েই উভতি আহিছে৷ বাকী তিনিখনত ৰক্ষণাবেক্ষণৰ কাম চলিছে৷ উপসাগৰীয় দেশসমূহৰ সহযোগিতা পৰিষদৰ সৈতে এই সন্দর্ভত আলোচনা চলিছে বুলিও তেওঁ জনায়৷

You might also like