নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বয়ন শিল্প

সভ্যতাৰ অন্যতম চানেকি বয়ন শিল্প হ’ল প্রাচীনতম হস্তশিল্পৰ অনন্য নিদর্শন৷ প্রাচীন ইজিপ্তত প্রায় ৫০০০ খ্রীষ্টপূর্বৰ বয়ন শিল্পৰ নমুনা পোৱা গৈছে৷ তাঁতশালত বোৱা এই বস্ত্র সময়ৰ লগে লগে উন্নত হ’বলৈ ধৰে, নতুন বয়ন কৌশল ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়৷ মধ্যযুগত তাঁতশালবোৰ অধিক উন্নতভাৱে গঢ় দিয়াৰ ফলত সূক্ষ্ম হস্তকলাৰ আর্হি চকুত পৰে৷ উদ্যোগ বিপ্লৱৰ কালছোৱাত যান্ত্রিক সঁজুলিৰ প্রচলনৰ লগে লগে বৈদ্যুতিক শাল উদ্ভাৱন কৰাৰ ফলত সময় আৰু শক্তি ৰাহি হোৱাৰ উপৰি উৎপাদন হাৰো দ্রুততৰ হ’বলৈ ধৰে৷ এই নাটকীয় পৰিৱর্তনে বস্ত্রশিল্পৰ জগতখন অধিক সমৃদ্ধ কৰি তোলে আৰু আধুনিক বস্ত্র উদ্যোগৰ ভেটি গঢ়ি উঠে৷ ভাৰতৰ বস্ত্র উদ্যোগৰ শতাব্দী প্রাচীন গৌৰৱোজ্জ্বল ইতিহাস স্মৰণযোগ্য৷ দেশত ই কৃষিৰ পাছতে দ্বিতীয় সর্বাধিক নিযুক্তি সৃষ্টি কৰা খণ্ড৷ মর্যাদাসম্পন্ন বয়ন শিল্পই বহু শতিকাজুৰি বিশ্বৰ সর্বত্র বিভিন্ন সংস্কৃতিক উজলাই তুলিছে৷ বস্ত্র উৎপাদনৰ ক্ষেত্রত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয় আৰু ই দ্বিতীয় সর্বাধিক বস্ত্র ৰপ্তানিকাৰী দেশৰূপে পৰিগণিত৷

বস্ত্রশিল্পক অধিক উদগনি প্রদান কৰিবলৈ কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রী মিত্র মেগাপার্ক আঁচনি ২০২৩ প্রৱর্তন কৰিছে৷ ইয়াৰ লক্ষ্য হ’ল সংহত বস্ত্র মূল্য আৰোপিত শৃংখল প্রদান কৰাৰ লগতে ২১ লাখ নতুন নিযুক্তিৰ সুযোগৰ সৃষ্টি কৰা৷ দেশৰ সাতখন ৰাজ্যত ইয়াৰ বাবে প্রায় ৪,৪৪৫ কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে৷ কেন্দ্রীয় চৰকাৰে ১০,৬৮৩ কোটি টকাৰ অনুমোদনেৰে উৎপাদনৰ সৈতে জড়িত অতিৰিক্ত মাননি আঁচনিৰ শুভাৰম্ভ কৰিছে৷ ইয়াৰ উদ্দেশ্য হ’ল ভাৰতীয় বস্ত্র উদ্যোগক বিশ্বৰ আন আন দেশৰ সমকক্ষ কৰি তোলা৷ সম্প্রতি বস্ত্র উদ্যোগত ৪.৫ কোটি লোক প্রত্যক্ষভাৱে নিয়োজিত হৈ আছে৷ প্রায় ৬ কোটি লোক ইয়াৰ সৈতে পৰোক্ষভাৱে জড়িত৷ ভাৰতৰ বস্ত্র উদ্যোগ বর্তমান কেৱল বস্ত্র উৎপাদনতেই সীমিত হৈ থকা নাই, বৰঞ্চ ই নতুনত্বৰে সমৃদ্ধ হৈ বৃহৎ পৰিৱর্তনৰ দিশে ঢাপলি মেলিছে৷ পৰিৱেশ অনুকূল কাপোৰ, ডিজিটেল কৌশল আৰু পুনৰ নৱীকৰণৰ দৰে ন ন পদ্ধতিৰে বয়ন শিল্প বহু দূৰ আগুৱাই গৈছে৷ সেউজ বস্ত্র উদ্যোগে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্রতো অনবদ্য অৰিহণা আগবঢ়াইছে৷ বস্ত্র উৎপাদনকাৰী কোম্পানীবোৰে আজিৰ যুগত কৃত্রিম বুদ্ধিমত্তা, ত্রিমাত্রিক ছপা আৰু জৈৱ বস্ত্রৰ দৰে কৌশল অৱলম্বন কৰিবলৈ ধৰিছে৷ ডিজিটেল ডায়িং আৰু জলৰহিত প্রক্রিয়াৰে বস্ত্র উৎপাদনৰ সময়ত পানী আৰু ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰ সীমিত কৰিবলৈ সক্ষম হৈছে৷

পৰম্পৰাগত হস্ততাঁত বয়নক আধুুনিক বয়ন যন্ত্রৰে উজ্জীৱিত কৰি তোলা হৈছে৷ ইয়াৰ ফলস্বৰূপে পূর্বতকৈ অধিক উৎপাদনশীলতা পৰিলক্ষিত হৈছে৷ প্রাচীন কালৰ পৰাই ভাৰতত সুনিপুণ বয়ন শিল্পীয়ে বস্ত্র কলাৰ সাংস্কৃতিক ঐতিহ্য–পৰম্পৰা অটুট ৰাখি লাখ লাখ লোকক নিয়োজিত কৰি আহিছে৷ কৃত্রিম আঁহৰ তুলনাত কপাহ, লিনেন (তিচি গছৰ আঁহ), হেম্প (ডাঙৰ বীজ), পাট–মুগা আৰু ঊলৰ দৰে প্রাকৃতিক আঁহেৰে কাপোৰ বোৱাটো পাৰিপার্শ্বিকভাৱে অধিক অনুকূল৷ প্রাকৃতিক আঁহ জৈৱ পচনযোগ্য, পুনৰ নৱীকৰণযোগ্য আৰু এইবোৰৰ কার্বন পদচিহ্ণও তুলনামূলকভাৱে কম৷ এই বস্ত্র উৎপাদনতো কম শক্তি আৰু কেঁচা সামগ্রীৰ প্রয়োজন হয় ইয়াৰ ফলত পৰিৱেশৰ ক্ষতি হ্রাস পায়৷ জৈৱিক আৰু পুনৰুৎপাদন কৰিব পৰা খেতিৰ সৈতে জড়িত কৃষক আৰু যোগানকাৰীৰ লগত অংশীদাৰিত্বৰে শিপিনীসকলে বহনক্ষম সামগ্রীক অগ্রাধিকাৰ প্রদান কৰিব পাৰে৷ এই পদ্ধতিবোৰে মাটিৰ গুণমান অক্ষুণ্ণ ৰখাৰ লগতে জৈৱ–বৈচিত্র্যও বজাই ৰখাত সহায় কৰে৷ স্থানীয়ভাৱে উৎপাদিত সামগ্রীৰ প্রয়োগ আৰু সৎ বাণিজ্য নীতি অনুসৰণ কৰিলে পৰিবহণৰ ফলত হোৱা নির্গমন হ্রাস হোৱাৰ লগতে স্থানীয় সম্প্রদায়সমূহক সমর্থন কৰা হয়৷

বয়ন শিল্পত পুনৰ নৱীকৰণ আৰু পুনৰাৱর্তনে আৱর্জনা হ্রাস কৰাৰ লগতে বহনক্ষম উৎপাদনক উৎসাহিত কৰে৷ আৱর্জনা বা অব্যৱহূত সামগ্রীৰ সদ্ব্যৱহাৰ কৰি শিপিনীয়ে আৱর্ত অর্থনীতিলৈ উল্লেখনীয় অৱদান যোগোৱাৰ লগতে বস্ত্র উদ্যোগৰ দ্বাৰা পাৰিপার্শ্বিক প্রভাৱ কমাব পাৰে৷ তদুপৰি ডিজিটেল বয়নেৰে বস্ত্রত ডিজিটেল কল্পচিত্র, ৰেখাংকন আৰু আনহে নালাগে কাষ্টমাইজড ডিজাইনো অংকন কৰিব পৰা যায়৷ বয়ন শিল্পই পর্যটকক নিবিড় অভিজ্ঞতা প্রদান কৰে যি তেওঁলোকৰ পর্যবেক্ষণৰো ঊর্ধ্বত৷ দর্শনার্থীসকলে বোৱা–কটা কর্মশালাত অংশগ্রহণ কৰাৰ লগতে বয়নৰ বিভিন্ন কৌশলৰ বিষয়ে নানা কথা শিকিব পাৰে৷ তেওঁলোকে স্থানীয় শিপিনীৰ সৈতে মত বিনিময় কৰাৰো সুযোগ লাভ কৰে৷ এনেধৰণৰ অন্তৰংগ ভাব বিনিময়ে সাংস্কৃতিক আদান–প্রদান, জ্ঞানৰ ভাগ–বাটোৱাৰা আৰু বস্ত্রশিল্পৰে জড়িত কাৰুকলাৰ অধিক গভীৰ বোধ গঢ়ি তোলাত সহায় কৰে৷ হাতেৰে বোৱা বস্ত্রশিল্প পর্যটকৰ বাবে সদায় প্রিয় স্মাৰক৷ স্থানীয়ভাৱে বোৱা বস্ত্র সামগ্রী ক্রয় কৰাৰ জৰিয়তে পর্যটকসকলে বহনক্ষম উপভোগক সমর্থন কৰে৷ হাতেৰে বোৱা বস্ত্র সামগ্রী ব্যাপক হাৰত প্রস্তুত কৰা কৃত্রিম বা ছিন্থেটিক বিকল্পৰ তুলনাত প্রায়েই দীর্ঘম্যাদী হোৱাৰ লগতে ই পৰিৱেশত ক্ষতিকাৰক প্রভাৱ নেপেলায়৷ বোৱা কাপোৰৰ সাংস্কৃতিক আৰু কলাত্মক মূল্য প্রদান কৰি পর্যটকে স্থানীয় বয়ন উদ্যোগলৈ অৰিহণা যোগায়৷

You might also like