নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপষ্টেইন ফাইলৰ পৰা অন্তর্ধান ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে থকা নথি

ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী : যৌন অপৰাধী জেফ্রী এপষ্টেইনৰ বিৰুদ্ধে যিবোৰ অভিযোগ উঠিছিল সেই সকলোবোৰ তথ্যই মজুত আছে৷ কিন্তু অভিযুক্তৰ তালিকাত কেৱল এপষ্টেইনেই নাছিল, আছিল মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পো৷

আচৰিতভাৱে এফবিআইৰ এপষ্টেইন ফাইল সংক্রান্তীয় নথিত ট্রাম্পৰ বিৰুদ্ধে যাৱতীয় অভিযোগৰ যিবোৰ তথ্য আছিল, সেইবোৰ অন্তর্ধান হ’ল৷ মার্কিন সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পাইছে এই কথা৷

২০১৯ চনত এগৰাকী মহিলাই এপষ্টেইন আৰু ট্রাম্পৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ তুলিছিল৷ তেওঁ দাবী কৰিছিল যে তেওঁ নাবালিকা হৈ থকা বয়সতে তেওঁক যৌন নির্যাতন চলাইছিল দুয়োজনে৷ এফবিআয়ে সেই সময়ত এই অভিযোগৰ তদন্তত নামে৷ অভিযোগকাৰীৰ বক্তব্যও নথিভুক্ত কৰা হয়৷

মার্কিন সংবাদ মাধ্যমৰ প্রতিবেদনত দাবী কৰা মতে, এপষ্টেইনৰ বিৰুদ্ধে অভিযোগ সম্বলিত নথি ফাইলত থাকিলেও ট্রাম্প সম্পর্কীয় নথি তাত নাই৷ অথচ এপষ্টেইন ফাইলত অভিযোগকাৰীয়ে তোলা নানা অভিযোগ নথিবদ্ধ কৰা হৈছে বুলি এই প্রতিবেদনত দাবী কৰা হৈছে৷

উল্লেখযোগ্য যে যোৱা বছৰৰ ডিচেম্বৰতো মার্কিন বিচাৰ বিভাগৰ ৱেবছাইটৰ পৰা ৰাতা–ৰাতি অন্তর্ধান হৈছিল এপষ্টেইন সম্পর্কীয় ১৬টা ফাইল৷

You might also like