নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ জানুৱাৰীত এল ১ পইণ্ট স্পর্শ কৰিব সৌৰযান আদিত্যই

🔹 ইছৰোৰ মুৰব্বী সোমনাথৰ ঘোষণা

বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই প্রেৰণ কৰা সৌৰযান ‘আদিত্য এল ১’–এ আগন্তুক ৬ জানুৱাৰীত এল ১ পইণ্ট স্পর্শ কৰিব৷ ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এই কথা ঘোষণা কৰিছে৷ গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ভাৰতীয় বিজ্ঞান সন্মিলনৰ মঞ্চৰ পৰা এই কথা ঘোষণা কৰে সোমনাথে৷ পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰৈত থকা লাগৰাঞ্জ পইণ্টত আগন্তুক ৬ জানুৱাৰীৰ ভিতৰত উপস্থিত হ’ব আদিত্য৷ অৱশ্যে ৬ জানুৱাৰীৰ কিমান সময়ত এল ১ পইণ্ট সৌৰযানে স্পর্শ কৰিব, সেয়া স্পষ্ট কৰা নাই বিজ্ঞানীগৰাকীয়ে৷ পৰৱর্তী সময়ত সেই কথা ঘোষণা কৰা হ’ব বুলি সোমনাথে ঘোষণা কৰে৷ লাগৰাঞ্জ পইণ্টতেই থাকি যাব সৌৰযান৷ এই পইণ্টক ঘেৰি থকা হেল’ অৰবিট বা কক্ষপথত প্রদক্ষিণ কৰিব সৌৰযানখনে৷ ইয়াৰ পৰাই সূর্য সন্দর্ভত বিভিন্ন তথ্য আগন্তুক ৫ বছৰলৈ প্রেৰণ কৰিব পাৰিব সৌৰযানখনে৷

You might also like