ডিজিটেল ডেস্ক, দুলীয়াজান, ২৭ এপ্ৰিল : দেওবাৰে নিশা দুলীয়াজানৰ মূল বাণিজ্যিক স্থলী অইল মাৰ্কেটত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত এখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। জানিব পৰা মতে, ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আবু বক্কৰ ছিদ্দিক নামৰ লোকজনৰ কেইবালাখ টকাৰ মূল্যৰ সামগ্ৰী মজুত থকা দোকানখনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।
প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে সন্ধিয়া আনদিনাতকৈ সোনকালে স্বত্বাধিকাৰীগৰাকীয়ে নিজা ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ কৰি আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ ওলাই গৈছিল। প্ৰায় ৯ বাজি ৩০ মিনিটত উক্ত প্ৰতিষ্ঠানখনত সংঘটিত অগ্নিকাণ্ডৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে দোকানখন ছানি ধৰাত এপদো সামগ্ৰী উদ্ধাৰ কৰিব পৰা নগ’ল। ইফালে, দাওদাওকৈ জ্বলি উঠা এই জুই সম্প্ৰসাৰণ ঘটি কাষৰীয়া দুই-এখন দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰো কিছু পৰিমাণে ক্ষতিসাধন কৰে। এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে ঘটনাস্থলীৰ কিছু নিলগতে থকা অইলৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত তৎমুহূৰ্ততে অগ্নিনিৰ্বাপক দলটো উক্ত স্থানত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱাত এক ভয়ংকৰ ঘটনাৰ পৰা গাতে লাগি থকা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে।
অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক মূল্যৰ সামগ্ৰী জাহ গৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে এই ঘটনাৰ পাছতে স্থানীয় প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।