নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে আদালতত বিস্ফোৰক ষ্টর্মি

🔹 যৌন অভিসাৰৰ পূর্বে প্রকাশ নোহোৱা কাহিনী

বিশেষ বাৰ্তা, ৯ মে’ : তেওঁক দেখিলে হেনো নিজৰ মাতৃৰ কথা মনত পৰে প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷ প্রথম দিনাৰ বার্তালাপত পর্ণতাৰকা ষ্টর্মি ডেনিয়েলছক এই কথা জনাইছিল আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে৷ কালি নিউয়র্কৰ আদালতত ষ্টর্মিয়ে ট্রাম্পৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ ট্রাম্পৰ সৈতে নিজৰ যৌন অভিসাৰৰ বিস্তাৰিত বর্ণনাও কৰে ষ্টর্মি ডেনিয়েলছে৷ উল্লেখনীয় যে ট্রাম্পৰ উপস্থিতিত কালি নিউয়র্কৰ আদালতত ষ্টর্মি ডেনিয়েলছে এই মন্তব্য কৰাৰ সময়ত ট্রাম্পক বাৰে বাৰে মূৰ তল কৰা আৰু মুখেৰে কিবা কটুবাক্য কৰা দেখিবলৈ পোৱা গ’ল৷ বিচাৰক জুৱান মার্চানৰ সন্মুখত ষ্টর্মিয়ে কয়– ‘মই যেতিয়া বাথৰুমৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া দেখিবলৈ পালোঁ ট্রাম্পক মোৰ বেডৰুমত৷ ট্রাম্পৰ উদ্দেশ্য মই স্পষ্টভাৱে বুজি উঠিছিলোঁ৷ কাৰণ ট্রাম্পে অন্তর্বাস পর্যন্ত খুলি ৰাখি বিছনাৰ একাষত মোৰ বাবে অপেক্ষা কৰিছিল৷’ ষ্টর্মি ডেনিয়েলছৰ এই বিস্ফোৰক স্বীকাৰোক্তিৰ লগে লগে আদালত কক্ষত মৌনতাই বিৰাজ কৰে৷ উল্লেখনীয় যে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে কেনেদৰে ডেনিয়েলছৰ সৈতে যৌন সম্পর্ক গঢ়ি তুলিছিল তাক সবিস্তাৰে পর্ণতাৰকাগৰাকীয়ে আদালতত বর্ণনা কৰে৷ অতি মুকলিকৈ ডেনিয়েলছে এই কথাবোৰ কৈ থকা সময়ত ট্রাম্পৰ অধিবক্তাই বাৰে বাৰে পর্ণতাৰকাগৰাকীক মনে মনে থাকিবলৈ আহ্বান জনায়৷ ট্রাম্প অস্বস্তিত ভোগা বিষয়টো আজি প্রত্যক্ষ কৰে বিচাৰকে৷ স্মর্তব্য যে ষ্টর্মি ডেনিয়েলছে অনা অভিযোগ বাৰে বাৰে অগ্রাহ্য কৰি আহিছে যদিও আদালতত কালি বিব্রত হৈ পৰে ট্রাম্প৷

You might also like