নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিণিকি ভূঞা শৰ্মা প্ৰযোজিত অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’লৈ চাৰিটা সন্মান

বিশেষ বাৰ্তা, ৭ জানুৱাৰীঃ জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত চাৰিটাকৈ সন্মানেৰে সন্মানিত হ’ল প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত নির্মিত নৱতম অসমীয়া ছবি ‘বকুল ফুলৰ দৰে’৷ ছবি মহোৎসৱখনত জুৰীৰ স্পেচিয়েল মেনছন, মেকআপ হেয়াৰ ষ্টাইল এৱার্ড, গ্রীনৰ’জ এৱার্ড ফৰ গ্ল’ৱেল মেছেজ আৰু য়েল’ ৰ’জ এৱার্ড ফৰ আপকামিং ফিল্ম শিতানত ‘বকুল ফুলৰ দৰে’ ছবিখনে সন্মান বুটলিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে প্রাইড ইষ্টৰ বেনাৰত নির্মিত এই ছবিখন প্রযোজনা কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ মৃণাল কলিতাৰ কাহিনীৰে ছবিখন পৰিচালনা কৰিছে বিশিষ্ট পৰিচালক সঞ্জীৱ হাজৰিকাই৷ অন্তৰীপ হাজৰিকাই সংগীত পৰিচালনা কৰা ছবিখনৰ কার্যবাহী প্রযোজক হৈছে কৃষ্ণা বৰুৱা৷ ইফালে হাড়গিলা সংৰক্ষণৰ প্রচেষ্টাক বিষয়বস্তু হিচাপে লৈ নির্মাণ কৰা ‘হাড়গিলা দ্য গ্রেটাৰ এডজুটেণ্ট ষ্টর্ক’ শীর্ষক তথ্যচিত্রখনে বিশ্বৰ আগশাৰীৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত সুনাম বুটলিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ জয়পুৰ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত বিট তথ্যচিত্রৰ শিতানত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্তই পৰিচালনা কৰা তথ্যচিত্রখনে বিশেষ বঁটা আঁজুৰি আনিছে৷ মিনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই তথ্যচিত্রখনৰ প্রযোজনা কৰিছে৷ উল্লেখ্য যে বিলুপ্তপ্রায় হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্রত প্রকৃতিবিদ পূর্ণিমা দেৱী বর্মনে বিশেষ পদক্ষেপ গ্রহণ কৰি আহিছে৷ বর্মনৰ নেতৃত্বত কামৰূপ জিলাৰ দদৰা–পছৰীয়া অঞ্চলত বিলুপ্তপ্রায় পক্ষীবিধৰ সংৰক্ষণৰ বাবে এক বিশেষ প্রচেষ্টা আৰম্ভ কৰা হৈছিল৷ তেওঁ অঞ্চলটোৰ মহিলাসকলক একগোট কৰি হাড়গিলা আর্মী গঠন কৰিছিল৷ পূর্ণিমা দেৱী বর্মনৰ এই প্রচেষ্টালৈ বিশেষভাৱে সমর্থন আগবঢ়াই আহিছে উচ্চপদস্থ আৰক্ষী বিষয়া পার্থসাৰথি মহন্তই৷ তেওঁৰ নেতৃত্বত কামৰূপ আৰক্ষী আৰু প্রশাসনেও পূর্ণিমা দেৱী বর্মনৰ এই প্রচেষ্টালৈ সঁহাৰি জনাই আহিছে৷ ইতিমধ্যে বিলুপ্তপ্রায় পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্রত এয়া এক অন্যতম গুৰুত্বপূর্ণ প্রচেষ্টা হিচাপে সমগ্র বিশ্বতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশিষ্ট পৰিৱেশবিদগৰাকীৰ এই পদক্ষেপৰ ওপৰতে ‘হাড়গিলা দ্য গ্রেটাৰ এডজুটেণ্ট ষ্টর্ক’ নামৰ তথ্যচিত্রখন নির্মাণ কৰা হৈছে৷ শেহতীয়াকৈ তথ্যচিত্রখনে লাভ কৰা এই স্বীকৃতি উক্ত অঞ্চলৰ মহিলাসকলৰ কষ্ট আৰু হাড়গিলা সংৰক্ষণৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ অনন্য সন্মান বুলি প্রযোজক আৰু পৰিচালকে মন্তব্য কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে জয়পুৰ চলচ্চিত্র মহোৎসৱৰ উপৰি মুম্বাই চুটি ছবি মহোৎসৱ, দিল্লী আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱ, গোৱা চলচ্চিত্র মহোৎসৱ, পুনে ছবি মহোৎসৱ, টেগৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, ৱাইল্ড লাইফ কনজাৰভেচন ছবি মহোৎসৱ (নিউয়র্ক) আৰু এছ অ’ এফ এ (এনিমেচন, ৱাইল্ড লাইফ, এনভাইৰনমেণ্ট কনজাৰভেচন, ছাইপ্রাছ)কে ধৰি প্রায় সাতখন ভিন্ন ছবি মহোৎসৱত তথ্যচিত্রখন প্রদর্শিত হৈছে৷ জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ এনিমেচন শিতানত পৰিচালক পার্থসাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে৷ আনহাতে লাচিত দ্য ৱাৰিয়ৰ তথ্যচিত্রৰ বাবে অনুপম মহন্তই শ্রেষ্ঠ সৃজনশীল পৰিচালকৰ সন্মান লাভ কৰে৷ পার্থসাৰথি মহন্তই ৰচনা কৰা লাচিত বৰফুকনৰ জীৱনভিত্তিক কবিতাটোৱেও যথেষ্ট সমাদৰ লাভ কৰিছে৷ এই কবিতাটো বিশিষ্ট সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে আবৃত্তি কৰাৰ উপৰি ড০ জৱিয়েল কলিতাই ইংৰাজীলৈ অনুবাদ কৰিছে৷ আৱহ সংগীত ৰূপম তালুকদাৰৰ৷ প্রচ্ছদ সজ্জা হূষিকেশ বৰাৰ, এনিমেচন কৰিছে ৰাতুল দত্ত আৰু হূষিকেশ বৰাই৷ ব্যৱস্থাপনা আৰু ভি এফ এক্সৰে কবিতাটো অধিক মনোগ্রাহী কৰি তুলিছে ৰাতুল দত্তই৷ লক্ষণীয় যে ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত জয়পুৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ৬৩খন দেশৰ ২৮২খন ছবি প্রদর্শিত হৈছে৷ তদুপৰি ২৫খন কর্মশালা আৰু আলোচনা–চক্রও মহোৎসৱখনত অনুষ্ঠিত হৈছে৷

You might also like