নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰং চেনেলত নতুন ধাৰাবাহিক ‘পুৱতি তৰা’

🔹 দুর্যোগৰ চাকনৈয়াত উটি–ভাহি পাৰ বিচাৰি ফুৰা এগৰাকী সাহসী যুৱতীৰ কাহিনী

বিশেষ বাৰ্তা, ১১ মার্চ : দর্শকৰ ৰুচিৰ প্রতি সন্মান জনাই মনোৰঞ্জন দিয়াৰ মানসেৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ উদ্যোগত ৰং চেনেলে দর্শকৰ বাবে ধাৰাবাহিকৰ ৰূপেৰে লৈ আহিছে ‘পুৱতি তৰা’৷ ধাৰাবাহিকখন পৰিচালনা কৰিছে ইতিমধ্যেই সম্প্রচাৰিত হৈ যোৱা জনপ্রিয় ধাৰাবাহিক ‘বৰষুণ’ৰ পৰিচালক পংকজ গগৈয়ে৷ ‘পুৱতি তৰা’ ধাৰাবাহিকখনত আছে এটি মধ্যবিত্ত পৰিয়াল আৰু সেই পৰিয়ালৰ বহুকেইটা চৰিত্রৰ একোখন বাস্তৱ প্রতিচ্ছবি৷ জ্যেষ্ঠজনৰ ভৰসাৰ হাতখন মূৰৰ ওপৰৰ পৰা গুচি যোৱাৰ পিছত পদে পদে পোৱা লাঞ্ছনা–বঞ্চনাৰ কাহিনীয়েই হৈছে ‘পুৱতি তৰা’ৰ কাঠামো৷ অলেখ আশাৰে, হেঁপাহৰ সংসাৰ এখন কৰাৰ মানসেৰে আঙঠি পিন্ধোৱাৰ পৰতেই আৰম্ভ হোৱা এক দুর্যোগ আৰু সেই দুর্যোগৰ চাকনৈয়াত উটি–ভাহি পাৰ বিচাৰি ফুৰা এগৰাকী সাহসী ছোৱালীৰ কাহিনীয়েই হৈছে ‘পুৱতি তৰা’৷ ধাৰাবাহিক ‘পুৱতি তৰা’ৰ চিত্রনাট্য–সংলাপ ৰচনা কৰিছে জিণ্টু ভট্টাচার্যই৷ মুখ্য সহকাৰী পৰিচালক পৱিত্র খাউণ্ড আৰু অজন্তা বসুমতাৰী৷ কার্যবাহী প্রযোজক কবিতা বসুমতাৰী৷ চিত্রগ্রহণ কৰিছে বিশ্বজিৎ চাংমাই আৰু সম্পাদনা কৰিছে দীপজ্যোতি দাসে৷ ধাৰাবাহিক ‘পুৱতি তৰা’ক আৱহ সংগীতেৰে সজাইছে সিদ্ধান্ত সাগৰে৷ পুনঃ শব্দ গ্রহণ অভিজ্ঞান চুতীয়াৰ৷ হীৰক দাসৰ ৰূপসজ্জাৰে সজোৱা ধাৰাবাহিকখনৰ পোহৰৰ দায়িত্বত আছে মানসজ্যোতি, মৃগেন আৰু দৃশ্যসজ্জা চুৰণজিৎ কলিতাৰ৷ জনপ্রিয় অভিনেতা বংকিম শইকীয়া আৰু এনিশা হাজৰিকাৰ লগতে ধাৰাবাহিকখনত অভিনয় কৰিছে দিব্যজ্যোতি ভৰালী, জোনালী দেৱী, সাগৰিকা বর্মন, জিমি মেধি, নয়নজ্যোতিকে ধৰি বহুতো ন–পুৰণি অভিনেতা–অভিনেত্রীয়ে৷ গুৱাহাটীকে ধৰি দাঁতিকাষৰীয়া বিভিন্ন মনোমোহা ঠাইত চিত্রগ্রহণ কৰা ধাৰাবাহিকখনে দর্শকৰ ৰুচি পূৰণ কৰিব বুলি ৰং পৰিয়াল যথেষ্ট আশাবাদী৷ আজিৰ পৰা সম্প্রচাৰ হ’ব ধাৰাবাহিকখন৷ সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত প্রতিদিনে সম্প্রচাৰ হ’ব ধাৰাবাহিকখন৷ পাৰ হৈ যোৱা দিনবোৰত ৰং চেনেলৰ প্রতিখন ধাৰাবাহিকক দিয়া মৰমৰ দৰেই ‘পুৱতি তৰা’কো একেই মৰমেৰে আঁকোৱালি ল’বৰ বাবে পৰিচালকৰ লগতে ৰং পৰিয়ালে দর্শকৰ প্রতি আহ্বান জনাইছে৷

You might also like