নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰত গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ : ফুটবল জ্বৰত আক্রান্ত সমগ্র বিশ্ব

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ মাজত আৰু মাত্র ৪ দিন৷ ‘গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ’ৰ বাবে সাজু হৈছে আয়োজক দেশ কাটাৰ৷ অহা ২০ নৱেম্বৰৰ পৰা কাটাৰৰ ৮খন সুদৃশ্য ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফুটবলৰ অঘোষিত বিশ্বযুদ্ধ৷ ইতিমধ্যে ফুটবল জ্বৰত আক্রান্ত হৈছে সমগ্র বিশ্বৰ ফুটবল অনুৰাগী৷ প্রথম দিনাই বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব আয়োজক কাটাৰে৷ তেওঁলোকৰ মুখামুখি হ’ব ইকুৱেডৰ৷ ভাৰতীয় সময় অনুসৰি মেচখন নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব৷ বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ’ব ১৮ ডিচেম্বৰত৷ এই গ্রহৰ সর্বাধিক জনপ্রিয় ফুটবলৰ মহাৰণত অৱতীর্ণ হ’ব ৩২খন দেশ৷ অংশগ্রহণকাৰী দেশসমূহক মুঠ ৮টা গ্রুপত ভাগ কৰা হৈছে৷ সেই অনুসৰি গ্রুপ ‘এ’ত স্থান লাভ কৰিছে কাটাৰ, ইকুৱেডৰ, ছেনেগাল আৰু নেডাৰলেণ্ডছ৷ গ্রুপ ‘বি’ত আছে ইংলেণ্ড, ইৰান, আমেৰিকা আৰু ৱেলছ৷ আনহাতে, আর্জেণ্টিনা, ছৌদি আৰব, মেক্সিকো আৰু পোলেণ্ডে স্থান পাইছে গ্রুপ ‘চি’ত৷ গ্রুপ ‘ডি’ত আছে ফ্লান্স, অষ্ট্রেলিয়া, ডেনমার্ক আৰু টিউনিচিয়া৷ একেদৰে গ্রুপ ‘ই’ত আছে স্পেইন, কোষ্টাৰিকা, জার্মানী আৰু জাপান৷ গ্রুপ ‘এফ’ত যুঁজ দিব বেলজিয়াম, কানাডা, মৰক্কো আৰু ক্র’ৱেচিয়া৷ গ্রুপ ‘জি’ত ব্রাজিল, ছার্বিয়া, ছুইজাৰলেণ্ড আৰু কেমেৰুনে স্থান লাভ কৰাৰ বিপৰীতে গ্রুপ ‘এইচ’ত অন্তর্ভুক্ত হৈছে পর্তুগাল, ঘানা, উৰুগুৱে আৰু দক্ষিণ কোৰিয়া৷ প্রতিযোগিতাৰ প্রথমখন ছেমিফাইনেল ১৩ ডিচেম্বৰত আৰু দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হ’ব ১৪ ডিচেম্বৰত৷ তৃতীয় স্থান নির্ধাৰণৰ বাবে ১৭ ডিচেম্বৰত এখন মেচ অনুষ্ঠিত হ’ব৷ ২০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰ পর্যন্ত গ্রুপ মেচসমূহ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে বিশ্বকাপৰ আয়োজক কাটাৰত ফুটবলৰ বিশেষ আন্তঃগাঁথনিয়ে নাছিল৷ অথচ এই বৃহৎ প্রতিযোগিতাখনৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি ৮খন দৃষ্টিনন্দন আৰু অত্যাধুনিক ষ্টেডিয়াম নির্মাণ কৰা হৈছে দেশখনত৷ কাটাৰৰ দুটা প্রান্তৰ দুখন ষ্টেডিয়ামৰ সর্বোচ্চ দূৰত্ব ৫৫ কিলোমিটাৰ৷ ফলত দর্শকে একেদিনাই একাধিক মেচ উপভোগ কৰিব পাৰিব৷ নৱেম্বৰ, ডিচেম্বৰত খেল অনুষ্ঠিত হ’লেও কাটাৰত এতিয়া অত্যন্ত গৰম৷ সেই বাবে ষ্টেডিয়ামসমূহত ছ’লাৰ পেনেল ফার্মৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ উপৰি তাপমাত্রা হ্রাস কৰাৰ ব্যৱস্থাও থাকিব৷ ইয়াৰ ফলত ফুটবলাৰ আৰু অনুৰাগীৰ কোনো অসুবিধা নহ’ব৷ কাটাৰৰ মুখ্য ভেন্যুলুছাণ্ঠলি ষ্টেডিয়ামত উদ্বোধনী আৰু ফাইনেলসহ মুঠ ১০খন খেল অনুষ্ঠিত হ’ব৷ ইয়াত ৮০ হাজাৰ দর্শকে খেল উপভিগ কৰিব পাৰিব৷ গুৰুত্বপূর্ণ বিষয়টো হ’ল বিশ্বকাপৰ পাছতে ষ্টেডিয়ামখনৰ যাৱতীয় আসন বিক্রী কৰি দিয়া হ’ব আৰু ষ্টেডিয়ামখন ভাঙি পেলোৱা হ’ব৷ কাৰণ লুছাইত হেনো পৰৱর্তী সময়ত নতুন ষ্টেডিয়ামৰ প্রয়োজন নহ’ব৷ ইপিনে, ৪০ হাজাৰ আসনবিশিষ্ট আল জানিয়ুব ষ্টেডিয়ামত ৭খন মেচ অনুষ্ঠিত হ’ব৷ আৰবৰ বিশেষ নৌকাৰ অনুকৰণত নির্মাণ কৰা হৈছে এইখন ষ্টেডিয়াম৷ ষ্টেডিয়ামখনৰ নক্সা উন্মোচনৰ পাছতে তীব্র বিতর্কৰ সৃষ্টি হয়৷ বহুতৰে অভিযোগ এই যে এই ষ্টেডিয়ামখন দেখিবলৈ মহিলাৰ যৌনাংগৰ আকৃতিৰ৷ অৱশ্যে সমালোচনা হ’লেও নক্সা সলনি কৰা নহ’ল৷ প্রতিযোগিতাৰ প্রথমখন মেচসহ ৮খন মেচ খেলোৱা হ’ব আল বায়াত ষ্টেডিয়ামত৷ ইয়াত এখন ছেমিফাইনেলো খেলোৱা হ’ব৷ ইয়াৰ উপৰি আহমেদ বিন আল ষ্টেডিয়াম, এডুকেচন চিটী ষ্টেডিয়াম, আল থুমামা ষ্টেডিয়াম, খালিফা আন্তর্জাতিক ষ্টেডিয়াম আৰু ষ্টেডিয়াম ৯৭৮ত অনুষ্ঠিত হ’ব এইবাৰ বিশ্বকাপৰ খেলসমূহ৷ উল্লেখ্য যে যৌন মিলনৰ ক্ষেত্রত কাটাৰ প্রশাসন অত্যন্ত কঠোৰ৷ দেশখনত এনিশা অবৈধ যৌন মিলনৰ বাবে হ’ব পাৰে সাত বছৰৰ জে’ল৷ অন্য দেশৰ দৰে খেলৰ পাছত শেষ নিশাৰ পার্টী দেশখনত নিষিদ্ধ৷ পতি–পত্নীৰ বাহিৰে বিশ্বকাপৰ মেচ উপভোগ কৰিবলৈ আহি যৌন মিলন কৰিব নোৱাৰিব৷ দেশখনত সমকামী সম্পর্কত কাটাৰৰ বাবে নিষিদ্ধ কৰা হৈছে৷ ইপিনে, আর্জেণ্টাইন তাৰকা লিয়নেল মেছিৰ বাবে হয়তো এইখনেই হ’ব অন্তিম বিশ্বকাপ৷ পৰৱর্তী আমেৰিকা বিশ্বকাপত হয়তো তেওঁক দেখা নাযাব৷ ২০১৪ত বিশ্বকাপৰ ফাইনেলত পদার্পণ কৰিও অলপৰ বাবে খিতাপ দখলত ব্যর্থ হয় মেছিৰ দেশ৷ ২০১৮ত প্রি–কোৱার্টাৰ ফাইনেলৰ পৰাই বিদায় লয় আর্জেণ্টিনাই৷ এইবাৰ তেওঁৰ বাবে বিশ্বকাপ স্পর্শ কৰাৰ শেষ সুযোগ৷ মেছিৰ উপৰি ক্রিষ্টিয়ানো ৰ’নাল্ডো, নেইমাৰ, কিলিয়ান এমবাপে আদি ফুটবলাৰৰ ওপৰতো অনুৰাগীৰ দৃষ্টি নিবদ্ধ হ’ব৷ হয়তো ৰ’নাল্ডোৰ বাবেও হ’ব এইখনে কেৰিয়াৰৰ অন্তিম বিশ্বকাপ৷ তদুপৰি তাৰকা ফুটবলাৰ পোলেণ্ডৰ ৰ’বার্ট লেৱানড’স্কি, উৰুগুৱেৰ লুইছ ছুৱাৰেজ, ব্রাজিলৰ ডেনি এলভেছ, স্পেইনৰ লুকা মেড্রিচৰ লগতে এজাক প্রবীণ খেলুৱৈক দেখা নাযাব পৰৱর্তী বিশ্বকাপত৷ প্রতিখন বিশ্বকাপতে খিতাপৰ দাবীদাব ৰূপে অৱতীর্ণ হয় ব্রাজিল আৰু আর্জেণ্টিনা৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহ’ব৷ ইয়াৰ লগতে যোৱাবাৰৰ চেম্পিয়ন ফ্রান্স, ইংলেণ্ড, জার্মানী, বেলজিয়াম, ক্র’ৱেছিয়া আৰু ৰ’নাল্ডোৰ দেশ পর্তুগালকো বিশ্বকাপৰ ফেভাৰিট হিচাপে ৰখা হৈছে৷ বিগত বিশ্বকাপৰ ফাইনেলত ফ্রান্সে ৪–২ গ’লত ক্র’ৱেছিয়াক পৰাজিত কৰি খিতাপ অর্জন কৰিছিল৷ ইপিনে, তৃতীয় স্থানৰ মেচত বেলজিয়ামে পৰাজিত কৰিছিল ইংলেণ্ডক৷ ছেমিফাইনেল খেলা এই চাৰিখন দেশ পুনৰ সর্বশক্তিৰে অৱতীর্ণ হ’ব৷ অৱশ্যে অপ্রত্যাশিতভাৱে দুই–এখন দেশে অঘটন সৃষ্টি কৰিব পাৰে৷ যিহেতু বিশ্ব ফুটবলৰ শক্তিশালী দেশসমূহে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে, সেয়েহে যুঁজত নমা প্রতিটো দলেই সর্বশক্তিমান৷ কোনটো দলে এইবাৰ বিশ্বকাপত শেষ হাঁহি মাৰে, সেয়া সময়েহে ক’ব৷ উল্লেখ্য যে এইবাৰ বিশ্বকাপৰ সর্বমুঠ প্রাইজমানী পূর্বতকৈ বৃদ্ধি কৰা হৈছে৷ এইবাৰ বিশ্বকাপৰ মুঠ প্রাইজমানীৰ পৰিমাণ ৪৪০ মিলিয়ন ডলাৰ৷ পূর্বৰ বিশ্বকাপতকৈ এই পৰিমাণ ৪০ মিলিয়ন ডলাৰ অধিক৷ সেই অনুসৰি এইবাৰ বিজয়ী দলটোৱে লাভ কৰিব ৩৪৪ কোটি টকা৷ আনহাতে ৰানার্ছ আপ দলে ২৪৫ কোটি, তৃতীয়টো দলে ২২০ কোটি, চতুর্থ স্থান লাভ কৰা দলটোৱে ২০৪ কোটি আৰু পঞ্চম স্থানৰ দলটোৱে পাব ১৩৮ কোটি টকাৰ প্রাইজমানী৷ বিশ্বকাপত ১৭ৰ পৰা ৩২ নম্বৰ স্থানলৈ লাভ কৰা দলসমূহে আর্থিক পুৰস্কাৰ হিচাপে ৭৪ কোটি টকাকৈ অর্জন কৰিব৷

You might also like