নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বেগজনক : চূড়ান্ত এনআৰচিত ৪০.২০ শতাংশ সন্দেহজনক নাগৰিক

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ নির্দেশনাত এক দীঘলীয়া প্রক্রিয়াৰ মাজেৰে সম্পন্ন হোৱা ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ উন্নীতকৰণক লৈ বিতর্ক অব্যাহত আছে৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য৷ খিলঞ্জীয়া অসমীয়াৰ ৰক্ষাকৱচ হ’ব বুলি আশা কৰা চূড়ান্ত এন আৰ চিত ৪০.২০ শতাংশ পর্যন্ত সন্দেহযুক্ত লোকৰ নাম অন্তর্ভুক্ত হৈছে৷ বিগত সময়ছোৱাত এই বিষয়টোক লৈ বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছিল যদিও এইবাৰ সন্দেহযুক্ত লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ তথ্য স্পষ্টভাৱে উল্লেখ কৰা হৈছে এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাৰ নেতৃত্বত চলা এক অনুসন্ধানৰ অন্তত প্রস্তুত হোৱা প্রতিবেদনত৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব লাভ কৰাৰ ঠিক পাছতেই হিতেশ দেৱশর্মাৰ নেতৃত্বত এই অনুসন্ধান চলিছিল৷ এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়কজনে অনুসন্ধান সম্পর্কীয় প্রতিবেদনখন উচ্চতম ন্যায়ালয়ত দাখিলৰ বাবে এখন শপতনামা প্রস্তুত কৰিছিল৷ পিছে অতি ৰহস্যজনকভাৱে দেৱশর্মাই অনুসন্ধান প্রতিবেদনসহ শপতনামাখন শেষ মুর্হূতত উচ্চতম ন্যায়ালয়ত দাখিল নকৰিলে৷ এই প্রতিবেদকৰ হাতত পৰা দেৱশর্মাৰ শপতনামাখনত কামৰূপ জিলাৰ তদানীন্তন উপায়ুক্তৰ কে ৩২/২০১৯/কনফিডেন্সিয়েল/৩ নম্বৰত এখন গোপন পত্রৰ তথ্যও সন্নিৱিষ্ট কৰা হৈছিল৷ য’ত অৰিজিনেল ইনহেবিটেণ্ট (অ’ ৱাই) অর্থাৎ অসমৰ প্রকৃত বাসিন্দাৰ নাম এন আৰ চিৰ খচৰাত অন্তর্ভুক্তিক লৈ কেনেদৰে বিসংগতি ঘটিছিল, সেয়া সবিস্তাৰে উল্লেখ কৰা হৈছে৷ ইফালে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ে চলোৱা তদন্তৰ ভিত্তিত প্রস্তুত হোৱা প্রতিবেদন অনুসৰি অসমৰ তিনিটা এন আৰ চি সেৱা কেন্দ্রত পৰীক্ষামূলকভাৱে লিগেচী ডাটা ক’ড চালি–জাৰি চোৱা হৈছিল৷ ধর্মীয় সংখ্যালঘু অঞ্চলত থকা এই এন আৰ চি সেৱা কেন্দ্রসমূহ হ’ল– বৰপেটা জিলাৰ বাঘবৰ ২৯, কলগাছিয়া ৬ আৰু দৰং জিলাৰ দলগাঁও ৬৷ লক্ষণীয়ভাৱে তদন্ত কালত পৰীক্ষা–নিৰীক্ষা কৰি চোৱা মুঠ ২,৩৪৬টা লিগেচী ডাটা ক’ডৰ বিপৰীতে ৯৪৩জন সন্দেহজনক লোকৰ নাম চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত হোৱাটো ধৰা পৰে৷ এই সম্পর্কত প্রতিবেদনখনত কোৱা হৈছে যে এইসকল লোকৰ বংশবৃক্ষ সমিলকৰণ (ফেমেলী ট্রী মেচিং)ৰ বিপৰীতে য’ত ‘নহয়’ বুলি উল্লেখ কৰিব লাগিছিল তাত ‘হয়’ ৰূপে সন্নিৱিষ্ট হৈছে৷ এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক দেৱশর্মাৰ মতে পৰীক্ষা–নিৰীক্ষাৰ জৰিয়তে চলোৱা অনুসন্ধানত যদি এন আৰ চিত ৪০.২০ শতাংশ সন্দেহযুক্ত লোকৰ নাম সন্নিৱিষ্ট হয়, তেন্তে সমগ্র এন আৰ চিখনৰ গ্রহণযোগ্যতাক লৈ প্রশ্ণ উঠিব পাৰে৷ বাস্তৱত এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়কজনৰ শপতনামাখনত গোটেই উন্নীতকৰণ প্রক্রিয়াত নিযুক্তি ডাটা এণ্ড্রি অপাৰেটৰসকলৰ সততা আৰু বিশ্বাসযোগ্যতাক লৈও প্রত্যক্ষভাৱে প্রশ্ণ উত্থাপন কৰা পৰিলক্ষিত হৈছে৷ আনকি বংশবৃক্ষ সমিলমিলকৰণ প্রক্রিয়াৰ গুণগত মান পৰীক্ষণ নোহোৱা বুলি উল্লেখ কৰি শপতনামাখনত কোৱা হৈছে যে ছিষ্টেমত অর্থাৎ কম্পিউটাৰত জনৈক বিষয়া এজনে তথ্য–পাতি পৰীক্ষা কৰি অনুমোদন জনোৱা মাত্রেই সমগ্র ডাটা ক্লাউডত থকা এন আৰ চি ডাটাবেছত গুচি যায়৷ এক কথাত ক’বলৈ গ’লে কম্পিউটাৰৰ পৰা সকলো তথ্য–পাতি অদৃশ্য হৈ পৰে৷ আনকি ডাটাবেছত এবাৰ সোমাই যোৱাৰ পাছত যদি কিবা ভুল–ত্রুটিও ধৰা পৰে, তেন্তে সেয়া শুদ্ধ কৰাৰ কোনো অৱকাশ নাথাকে৷ আই টি কোম্পানী ‘বনিমান ছিষ্টেমছ প্রাইভেট লিমিটেড’–এ প্রস্তুত কৰা ছফ্টৱেৰটোতেই এনেধৰণৰ কোনো ব্যৱস্থা ৰখা হোৱা নাছিল৷ আই টি কোম্পানীটোৱেই এই বিষয়ে পাছত এন আৰ চি কর্তৃপক্ষৰ আগত লিখিতভাৱে বিষয়টো স্বীকাৰ কৰা কথাও শপতনামাখনত উল্লেখ কৰা হৈছে৷ শপতনামাত এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক দেৱশর্মাৰ অভিযোগ– তথ্য–পাতিৰ গুণগত মান যাতে পৰৱর্তী সময়ত পৰীক্ষা কৰিব নোৱাৰি, তাৰ বাবেই যেন এনেধৰণৰ ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছিল৷ সেইদৰে শপতনামাত কামৰূপ জিলাৰ তদানীন্তন উপায়ুক্তই এন আৰ চিৰ ৰাজ্যিক সমন্বয়কলৈ প্রেৰণ কৰা এখন গোপন পত্রৰ কথা উল্লেখ কৰি আন কেতবোৰ চাঞ্চল্যকৰ তথ্য দাঙি ধৰা হৈছে৷ সেই অনুসৰি কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ চক্রৰ অন্তর্গত মুঠ ১,৪৩,৫২২জন লোকে এন আৰ চিত নাম অন্তর্ভুক্তৰ বাবে আবেদন জনাইছিল৷ ইয়াৰ ভিতৰত ৬৪,২৪৭জনকহে অ’ আই অর্থাৎ অসমৰ প্রকৃত বাসিন্দা ৰূপে চিহ্ণিত কৰা হয়৷ চূড়ান্ত এন আৰ চি প্রকাশৰ প্রায় দুমাহ পূর্বে ২০১৯ চনত ২৮ জুনত প্রেৰণ কৰা পত্রখনত কোৱা হৈছে যে জিলা উপায়ুক্তৰ কার্যালয়ে অ’ আই থকা ৬৪,২৪৭জন লোকৰ মাজত ৰেণ্ডমলি পৰীক্ষা চলাই ১৪,১৮৩জন লোকক অসমৰ প্রকৃত বাসিন্দা হিচাপে চিহ্ণিত কৰাৰ ভুৱা তথ্য পোহৰলৈ আনে৷ এই পত্রখন লাভ কৰাৰ পাছত এন আৰ চি কর্তৃপক্ষই ২০১৯ চনৰ ৫ আগষ্টৰ পৰা ৭ আগষ্টলৈ তাৎক্ষণিকভাৱে অ’ আই থকা ৩০,৭৯১জনৰ নথি–পত্র পৰীক্ষা কৰিছিল৷ যাৰ পৰা মাত্র ১০৭জন লোকহে অ’ আই ৰূপে পৰিগণিত হয়৷ আনকি পৰীক্ষাকৃত অ’ আই লোকসকলৰ ভিতৰত ৭,৪৪৬জনৰ নাম ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত নহ’ল৷ লক্ষণীয়ভাৱে এন আৰ চিত থকা এনেধৰণৰ খেলিমেলিক লৈ ২০২১ চনৰ ৮ মে’ত স্বাক্ষৰ কৰাৰ পাছতো শপতনামাখন তদানীন্তন ৰাজ্যিক সমন্বয়ক দেৱশর্মাই অজ্ঞাত কাৰণত উচ্চতম ন্যায়ালয়ত দাখিল নকৰিলে৷ পিছে একেখন শপতনামাৰ আঁত ধৰিয়েই সচেতন নাগৰিক মঞ্চ, অসমৰ সভাপতি চন্দন ভট্টাচার্যই অলপতে এন আৰ চিৰ এশ শতাংশ পুনৰীক্ষণৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে৷ সচেতন নাগৰিক মঞ্চৰ আবেদনত এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে এন আৰ চিত বহু অযোগ্য ব্যক্তিৰ নাম অন্তর্ভুক্ত হোৱাৰ বিপৰীতে কমেও ৫০,৬৯৫জন প্রকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰি গৈছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ৰ পৰা লাভ কৰা তথ্যৰ আধাৰত সচেতন নাগৰিক মঞ্চই উল্লেখ কৰা মতে এন আৰ চিৰ খচৰাৰ পৰা ৪০,০৭,৭১৯জন লোকৰ নাম বাদ পৰিছিল যদিও ইয়াৰে ৩,৯৩,৯৭৫জন লোকে পুনৰ নাম অন্তর্ভুক্তিৰ কাৰণে দাবীয়েই জনোৱা নাছিল৷ ইয়াৰ ভিতৰত এন আৰ চি কর্তৃপক্ষই নমুনা পৰীক্ষা কৰি ৫০,৬৯৫জন লোকৰ নাম এন আৰ চিত সন্নিৱিষ্ট কৰাৰ বাবে যোগ্য ৰূপে নিশ্চিত হৈছে৷ আনকি এন আৰ চিৰ খচৰাত নাম নথকা ৭,৭৭০জন লোক আছিল অ’ আই৷ এতিয়া প্রকৃত ভাৰতীয় লোকৰ নামেই যদি নাথাকে, তেন্তে এন আৰ চিৰ কোনো অর্থই নাথাকিব বুলি সচেতন নাগৰিক মঞ্চৰ সভাপতি ভট্টাচার্যই উচ্চতম ন্যায়ালয়ত শপতনামাযোগে উল্লেখ কৰিছে৷

You might also like