নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামীৰ দৰে যোগ্য–উপার্জনকাৰী হ’লে খৰচ নাপায় পত্নীয়ে

🔹 গোচৰৰ শুনানিত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়

বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : যদি স্বামী আৰু পত্নীৰ শিক্ষাগত যোগ্যতা তথা উপার্জন সমান হয়, তেন্তে বিচ্ছেদৰ পিছত কোনোধৰণৰ খৰচ দাবী কৰিব নোৱাৰিব পত্নীয়ে৷ দিল্লী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এই ৰায়দান কৰিছে৷ হিন্দু বিবাহ আইনৰ ২৪নং ধাৰাৰ কথা উল্লেখ কৰি এই ৰায় দিয়ে দিল্ল উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে৷ ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বাঞ্চাল কৃষ্ণাৰ বিচাৰপীঠত চলিছিল এই গোচৰৰ শুনানি৷ এগৰাকী মহিলাই গোচৰটো তৰিছিল৷ কিন্তু এই গোচৰ খাৰিজ কৰি দিছে দুয়োগৰাকী ন্যায়াধীশে৷ দুয়োগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে উল্লেখ কৰে যে বর্তমান মহিলা আৰু তেওঁৰ স্বামী দুয়ো প্রতিষ্ঠিত৷ এনে পৰিস্থিতিত মহিলাগৰাকীয়ে প্রাক্তন স্বামীৰ ওচৰত কোনোধৰণৰ খৰচ দাবী কৰিব নোৱাৰে৷ আবেদনকাৰী মহিলাগৰাকীয়ে ২০২০ চনৰ পৰা স্বামীৰ লগত থকা নাই৷ পৰৱর্তী সময়ত তেওঁলোকৰ আইনীভাৱে বিচ্ছেদো হৈছে৷ এই পৰিস্থিতিত মহিলাগৰাকীয়ে সন্তান প্রতিপালনৰ বাবে মাহিলি ৪০ হাজাৰ টকাকৈ স্বামীৰ পৰা দাবী কৰিছিল৷ মহিলাগৰাকীৰ এই দাবীৰ পিছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় তেওঁৰ স্বামী৷ এই গোচৰটোৰ শুনানিৰ সময়তে দিল্লী উচ্চ ন্যায়ালয়ে শুনালে গুৰুত্বপূর্ণ ৰায়৷

You might also like