নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে ভাৰতলৈ আহে ম্যানমাৰৰ শিক্ষার্থীঃ দুই প্রতিৱেশী দেশৰ ‘ফ্রী মুভমেণ্ট’ চুক্তিৰ সুফল

বিশেষ বাৰ্তা, ২৪ জুনঃ ম্যানমাৰৰ পৰা সীমান্ত অতিক্রম কৰি প্রতিদিনে ভাৰতত প্রৱেশ কৰে প্রায় ৫০০ শিক্ষার্থী৷ দিনটো ভাৰতত থাকি পুনৰ ম্যানমাৰলৈ উভতি যায় এই শিক্ষার্থীসকল৷ ২০১৮ চনত ভাৰত আৰু ম্যানমাৰৰ মাজত স্বাক্ষৰ হোৱা ‘ফ্রী মুভমেণ্ট’ চুক্তি অনুসৰি দুই দেশৰ সীমান্ত অঞ্চলত বসবাস কৰা বাসিন্দাসকলে কোনো ভিছা অবিহনে আন্তর্জাতিক সীমান্ত অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ এই চুক্তি অনুসৰি উভয় দেশৰ সীমান্ত অঞ্চলৰ বাসিন্দাসকলে সীমান্তৰ পৰা ১৬ কিলোমিটাৰ ভিতৰপর্যন্ত অবাধে যাতায়াত কৰিব পাৰে৷ এয়া দুয়োখন দেশৰ মৈত্রীৰ চুক্তিৰ সুফল হিচাপে চিহ্ণিত হৈছে৷ যেনেদৰে ভাৰতৰ মিজোৰামলৈ ম্যানমাৰৰ শিক্ষার্থীসকল অধ্যয়নৰ বাবে আহে, সেইদৰে ভাৰতৰ সীমান্ত অঞ্চলৰ লোকেও ম্যানমাৰত অবাধে যাতায়াত কৰি আহিছে৷

You might also like