নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰত কাউৰীয়ে কঢ়িয়াইছে বার্ড ফ্লু ভাইৰাছ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মধ্য প্রদেশত কাউৰীৰ জৰিয়তে বার্ড ফ্লু ভাইৰাছৰ বিস্তাৰ ঘটাৰ আশংকাই দেখা দিছে৷ সংবাদ সংস্থা পি টি আইৰ প্রতিবেদন অনুসৰি তিনি দিন পূর্বে ইন্দোৰত ৫০টাকৈ মৃত কাউৰীৰ দেহত বার্ড ফ্লু ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ এই কাউৰীবোৰৰ কেনেদৰে মৃত্যু হৈছে তাক লৈ পৰীক্ষা কৰাৰ পিছতেই বার্ড ফ্লুৰ উপস্থিতি ধৰা পৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য৷ ইতিমধ্যে ইন্দোৰ প্রশাসনে জাৰি কৰিছে সতর্কবাণী৷ ইন্দোৰৰ পশু চিকিৎসক প্রমোদ শর্মাই উল্লেখ কৰা অনুসৰি কালি দালি কলেজ চৌহদত পুনৰ ২০টা কাউৰীৰ মৃত্যু হৈছে৷ কাউৰীৰ জৰিয়তে এতিয়া মানুহলৈ বার্ড ফ্লু ভাইৰাছৰ সংক্রমণ ঘটিব পাৰে বুলি আশংকা কৰিছে স্বাস্থ্য বিভাগে৷

You might also like