বিৰাট কোহলিক জ্ঞান দিয়া বাবৰ আজমৰ নামত লজ্জাজনক ৰেকৰ্ড
বাবৰ আজম এটা দুৰ্দান্ত য়ৰ্কাৰত বোল্ড হল। আজমে বলটো বুজিবই নোৱাৰিলে, তেওঁ বলটো চাই ৰৈ গ’ল আৰু তেওঁৰ উইকেট উৰি গ’ল। ৩টা বল খেলি তেওঁ শূন্যত পেভিলিয়নলৈ উভতি গ’ল। এই ঘটনা ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে।
নিজৰ বেয়া ফৰ্মৰ পিছত বাবৰ আজম টি-২০ৰ পৰা কেইবাবাৰো ড্ৰপ হৈছে, এতিয়া তেওঁৰ এছিয়া কাপ ২০২৫ত খেলাৰ বিষয়েও সন্দেহ আছে। কেৱল টি-২০ নহয়, কোনো ফৰ্মেটতেই তেওঁৰ বেট নিয়মীয়াভাৱে চলা নাই। বিগত বছৰৰ অক্টোবৰত টেষ্টৰ পৰা ড্ৰপ হোৱাৰ পিছত যেতিয়া আজমৰ পুনৰ প্ৰত্যাৱৰ্তন হৈছিল, তেতিয়া ৮টা ইনিংছত ৪ বাৰ তেওঁ দহৰ সংখ্যাও স্পৰ্শ কৰিব নোৱাৰিলে। এদিনীয়াত তেওঁ অলপ ভাল আছিল, কিন্তু এতিয়া তাতো বেয়া ফৰ্মে দেখা দিছে।
কেতিয়াবা বিৰাট কোহলিক তেওঁৰ বেয়া ফৰ্মৰ বিষয়ে জ্ঞান দিয়া বাবৰ আজম এতিয়া নিজেই এটা বেয়া সময়ৰ মাজেৰে পাৰ হৈ আছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শূন্যত আউট হোৱাৰ পিছত তেওঁ এটা অবাঞ্ছিত ৰেকৰ্ড তালিকাত দ্বিতীয় স্থানত উঠি আহিছে। তেওঁ বিগত ১০ বছৰত এদিনীয়াত সৰ্বাধিকবাৰ শূন্যত আউট হোৱা বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে। তেওঁ মুঠ ৫বাৰ শূন্যত আউট হৈছে। সেইকেইখন খেল হল
- ৬ জানুৱাৰী, ২০১৮ – বনাম নিউজিলেণ্ড
- ৭ নৱেম্বৰ, ২০১৮ – বনাম নিউজিলেণ্ড
- ৮ জুলাই, ২০২১ – বনাম ইংলেণ্ড
- ২২ আগষ্ট, ২০২৩ – বনাম আফগানিস্তান
- ১০ আগষ্ট, ২০২৫ – বনাম ৱেষ্ট ইণ্ডিজ
বিগত ৭১টা ইনিংছত বাবৰ আজমে শতৰান কৰিব পৰা নাই
ৱৰ্ল্ড কাপ ২০২৩ৰ পিছত বাবৰ আজমে ২৫খন এদিনীয়া মেচ খেলিছে, এই সময়ত তেওঁ ৮৭৩ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ গড় আছিল ৩৯.৬৮। আজমে তেওঁৰ শেষ আন্তঃৰাষ্ট্ৰীয় শতৰান এছিয়া কাপ ২০২৩ত কৰিছিল, যিটো ৩০ আগষ্টত নেপাল ক্ৰিকেট দলৰ সৈতে খেলা মেচ আছিল। তাৰ পিছত ৬৩খন মেচৰ ৭১টা ইনিংছত আজমে খেলিছে কিন্তু শতৰান কৰিব পৰা নাই, এই সময়ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৮১।
Niyomiya Barta Desk, 11 August, 2025