নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাৰ দৰে পৰিণতি হ’ব পাৰে কাশ্মীৰৰ !

🔹 ফাৰুক আব্দুল্লাৰ মন্তব্যক কেন্দ্র কৰি বিতর্ক

বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : গাজা ভূখণ্ডত শান্তি পুনৰ প্রতিষ্ঠাৰ বাবে ইজৰাইল আৰু হামাছৰ মাজত আলোচনা দাবী কৰি আহিছে ভাৰতে ৷ তেনেহ’লে কাশ্মীৰত শান্তি প্রতিষ্ঠাৰ বাবে নতুন দিল্লী–ইছলামাবাদৰ মাজত আলোচনা অনুষ্ঠিত হোৱাৰ ক্ষেত্রত বাধা কিয়? আজি এই প্রশ্ণ তুলিলে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল কনফাৰেন্স (এনচি)ৰ নেতা ফাৰুক আব্দুলাই৷ লগতে আব্দুল্লাই এই আশংকাও প্রকাশ কৰিছে যে আলোচনাৰ জৰিয়তে সমস্যা সমাধান নহ’লে গাজাৰ দৰে পৰিণতি হ’ব পাৰে কাশ্মীৰৰ ! কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তিৰ পিছত সীমান্তত পাক সেনাৰ গোলাবর্ষণ আৰু উপত্যকাৰ অভ্যন্তৰত সন্ত্রাসবাদী আক্রমণ অব্যাহত আছে৷ মোদী চৰকাৰৰ পদক্ষেপৰ পক্ষত উচ্চতম ন্যায়ালযে ৰায়দান কৰাৰ পিছত পুঞ্চত সেনাৰ গাড়ীত সংঘটিত হৈছে সন্ত্রাসবাদী আক্রমণ ৷ ইয়াৰ মাজতে পাকিস্তানৰ সৈতে ভাৰতৰ আলোচনাৰ প্রসংগ উত্থাপন কৰি ফাৰুক আব্দুল্লাই সৃষ্টি কৰিছে নতুন বিতর্ক৷

You might also like