নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজধানী দিল্লী কঁপোৱাৰ হুংকাৰ লস্কৰ সন্ত্রাসবাদীৰ

নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : পাকিস্তান যে সন্ত্রাসবাদৰ অভিকেন্দ্র, সেয়া পুনৰ প্রমাণ হ’ল৷ লাহোৰত থিয় হৈ এইবাৰ ভাৰতৰ ৰাজধানী দিল্লীত আক্রমণ চলোৱাৰ হুমকি দিলে লস্কৰ সন্ত্রাসবাদী চৈয়দ আব্দুল ৰহমান নকভিয়ে৷ তাৰ লগতে কাশ্মীৰক মুক্ত কৰাৰ দাবীও তোলে তেওঁ৷

লাহোৰৰ এখন জনসভাত ভাষণ দি ৰহমানে কয়- ‘অখণ্ড ভাৰতক ভাঙি টুকুৰা–টুকুৰ কৰি দিয়া হ’ব৷ আগ্রা জ্বলাই দিয়া হ’ব৷ জ্বলিব দাক্ষিণাত্যও৷’ লগতে দিল্লী কঁপোৱাৰো হুমকি দিয়ে লস্কৰৰ ছায়া সংগঠন মার্কাজী মুছলিম লীগৰ মুৰব্বীজনে৷

উল্লেখ্য যে ভাৰতৰ আপত্তিক ভেঙুচালি কৰি কাশ্মীৰ সংহতি দিৱস পুনৰ পালন কৰিছে পাকিস্তানে৷ তাকে লৈ আন্তঃৰাষ্ট্রীয় স্তৰত বিড়ম্বনাত পৰিছে পাকিস্তান চৰকাৰ৷

You might also like