নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্বেগজনক… দেশৰ ৭৫০ বিমানৰ ৪০০খনতেই যান্ত্রিক ত্ৰুটি

নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত দেশৰ প্রায় ৭৫০খন বিমানৰ ভিতৰত প্রায় ৪০০খনতেই ধৰা পৰে যান্ত্রিক ত্রুটি৷– বৃহস্পতিবাৰে লোকসভাত প্রতিবেদন দাখিল কৰি এই কথা জনায় কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷

কেন্দ্রীয় চৰকাৰে জনায় যে যিবোৰ বিমান সংস্থাৰ বিমানত ত্রুটি ধৰা পৰিছে, সেইবোৰৰ তালিকাৰ শীর্ষত আছে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’৷ কেন্দ্রই জনাইছে যে যোৱা বছৰৰ জানুৱাৰী মাহত এই পৰীক্ষা–নিৰীক্ষা আৰম্ভ হৈছিল৷ ৬টা বিমান পৰিবহণ সংস্থাৰ মুঠ ৭৫৪খন বিমানত এই পর্যন্ত পৰীক্ষা সম্পন্ন কৰা হৈছে৷ প্রতিবেদনত দেখা গৈছে যে তাৰ ভিতৰত ৩৭৭খন বিমানতে এনে কিছু ত্রুটি ধৰা পৰিছে যিবোৰ বাৰে বাৰে দেখা গৈছে৷ কিন্তু তাৰ পিছতো সম্পূর্ণভাৱে মেৰামতি কৰা হোৱা নাই অথবা মেৰামতি কৰা হ’লেও পিছত একেই ত্রুটি পুনৰ দেখা দিছে৷

এনেক্ষেত্রত স্বাভাৱিকতে বিমান সংস্থাসমূহৰ দ্বাৰা বিমানবোৰৰ ৰক্ষণাবেক্ষণক লৈ প্রশ্ণ উত্থাপন হৈছে৷ দেশত ইণ্ডিগ’ৰ বিমানৰ সংখ্যাই আটাইতকৈ বেছি৷ ৩ ফ্রেব্রুৱাৰী পর্যন্ত এই সংস্থাৰেই ৪০৫খন বিমান পৰীক্ষা কৰা হৈছিল আৰু তাৰ ভিতৰত ১৪৮খনত ত্রুটি ধৰা পৰিছে৷ সংখ্যাৰ হিচাপত ইণ্ডিগ’ শীর্ষত থাকিলেও শতাংশৰ হিচাপত আগত আছে এয়াৰ ইণ্ডিয়া৷ এই সংস্থাৰ ২৬৭খন বিমান পৰীক্ষা কৰাত তাৰে ১৯১খনত ত্রুটি ধৰা পৰিছে৷ তালিকাত স্পাইচ জেট আৰু আকাশা বিমান সংস্থাৰো বিমান আছে৷

You might also like