নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মহাকাশচাৰীক উচ্চ প্রশিক্ষণ দিব নাছাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে’ : আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা ‘নাছা’ আৰু ভাৰতীয় মহাকাশ সংস্থা ‘ইছৰো’ৱে যুটীয়াভাৱে আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)লৈ মহাকাশচাৰী প্রেৰণ কৰিব৷ ভাৰতীয় মহাকাশচাৰীক আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাই উচ্চ প্রশিক্ষণ দিব৷ এই প্রশিক্ষণৰ অন্তত চলিত বর্ষৰ শেষৰ ফালে কিম্বা নতুন বছৰৰ প্রাৰম্ভতে আইএছএছলৈ দুয়ো দেশৰ মহাকাশচাৰী যাত্রা কৰিব৷ নতুন দিল্লীস্থিত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রদূত এৰিক গার্ছেটিয়ে এই তথ্য প্রকাশ কৰিছে৷ উল্লেখ্য যে বেংগালুৰুত আমেৰিকা যুক্তৰাষ্ট্র–ভাৰত বাণিজ্যিক মহাকাশ সন্মিলনত অংশগ্রহণ কৰি দুই দেশৰ এই পৰিকল্পনাৰ বিষয়ে অৱগত কৰে৷ ইউএছ–ইণ্ডিয়া বিজনেছ কাউঞ্চিল (ইউএছআইবিচি) আৰু ইউএছ কমার্চিয়েল ছার্ভিছ (ইউএছচিএছ)–এ যুটীয়াভাৱে বেংগালুৰুত আয়োজন কৰা দুই দেশৰ বাণিজ্যিক মহাকাশ অভিযানৰ সুযোগৰ বিষয়ে আলোচনাত অংশগ্রহণ কৰি আমেৰিকান ৰাষ্ট্রদূত গার্ছেটিয়ে দুই দেশৰ যুটীয়া মহাকাশ অভিযানে দুয়ো দেশকে লাভান্বিত কৰিব৷ লক্ষণীয় যে আইএছএছলৈ মহাকাশচাৰী প্রেৰণৰ পূর্বে নাছা আৰু ইছৰোৱে যুটীয়াভাৱে শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ পৰা নিচাৰ কৃত্রিম উপগ্রহ মহাকাশলৈও প্রেৰণ কৰিব৷ এই সন্মিলনত ইছৰোৰ অধ্যক্ষ ড০ এছ সোমনাথৰ লগতে নাছাৰ কেইবাগৰাকীও প্রতিনিধি উপস্থিত থাকে৷

You might also like