নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ৰাজনীতিৰ লগত জড়িত থকাসকলে ভাল ফল পাব৷ ঘৰত আলহী–তিথিৰ আগমন হ’ব পাৰে৷ দিনটো শুভ হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
বৃষ ঃ ব্যৱসায়ত বৃদ্ধি লাভ৷ ঘৰুৱা, প্রেমৰ দিশত শুভ৷ যাত্রা কৰোঁতে অলপ সাৱধান হওক৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ১৷
মিথুন ঃ কোনো পুৰণা শত্রুই আপোনাৰ ক্ষতি কৰিব পাৰে৷ কর্মক্ষেত্রত শুভ৷ দিনতো অলপ সাৱধানে চলক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
কর্কট ঃ শিক্ষার্থীৰ মনৰ চিন্তা আৰু অস্থিৰতা বাঢ়িব৷ প্রেমত শুভ৷ মনটো স্থিৰে ৰখাৰ প্রয়োজন৷ শুভ সংখ্যা ২৷ শুভ সংখ্যা ২৷
সিংহ ঃ আর্থিক–বাণিজ্যিক ক্ষেত্রত শুভ ফল পাব৷ প্রেম, সাংসাৰিকত সুখ–শান্তি অটুট থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷
কন্যা ঃ আজিৰ দিনটো শুভ হ’ব৷ বহু দিনৰ পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ১৷
তুলা ঃ পৰাপক্ষত দিনটো ভ্রমণ নকৰাই ভাল৷ শিক্ষার্থীৰ মানসিক অশান্তিৰ যোগ৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
বৃশ্চিক ঃ ৰাজনীতি, বুদ্ধিজীৱী, সমাজকর্মী লোকৰ অলপ অশান্তি থাকিব, তথাপিও দিনটো বেয়া নাযায়৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৯৷
ধনু ঃ কর্মক্ষেত্রত নিজৰ অর্হতাৰ ওপৰত যোগ্য স্থান লাভ কৰিব৷ নতুন ঠাই ভ্রমণৰ সুযোগ পাব৷ শুভ ৰং সেউজীয়া৷
মকৰ ঃ শিক্ষার্থীৰ মনত সন্দেহ অনিশ্চয়তাৰে ভৰি থাকিব৷ ব্যৱসায় ক্ষেত্রত শুভ ফল পাব৷ দিনটো শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
কুম্ভ ঃ শৰীৰত পুৰণি ৰোগে দেখা দিব পাৰে৷ যান–বাহন, মাটি–সম্পত্তিৰ ফালৰ পৰা লাভৱান হ’ব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷
মীন ঃ কোনো বিশেষ ঘটনাই মনৰ অস্থিৰতা আনিব পাৰে৷ শৰীৰ বৰ ভালে যোৱা টান৷ প্রেমত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷

You might also like