সিন্ধু চুক্তিক লৈ আন্তঃৰাষ্ট্রীয় মঞ্চত কন্দা–কটা পাকিস্তানৰ
নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : যোৱা বছৰ পাকিস্তান সমর্থিত সন্ত্রাসবাদীৰ দ্বাৰা পেহেলগামত নৰসংহাৰ চলোৱাৰ পিছত চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পর্ক তিক্ততাপূর্ণ হৈ পৰাত ভাৰতে সিন্ধু জলবণ্টন চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লয়৷ তাৰ প্রতিবাদত নেদাৰলেণ্ডৰ হেগত থকা আন্তঃৰাষ্ট্রীয় ন্যায়ালয়ৰ দ্বাৰস্থ হয় পাকিস্তান৷ তাৰ পৰিপ্রেক্ষিতত সম্প্রতি শুনানিৰ দিন ধার্য কৰি দিল্লীৰ পৰা উত্তৰ বিচাৰিছে হেগৰ ন্যায়ালয়খনে৷
সোমবাৰে নতুন দিল্লীয়ে এই কথা স্পষ্ট কৰি দিয়ে যে আন্তঃৰাষ্ট্রীয় ন্যায়ালয়ৰ এই আইনী প্রক্রিয়াৰ বৈধতাক স্বীকাৰ নকৰে ভাৰতে৷ ফলত এই শুনানিত অংশগ্রহণ কৰাৰ প্রশ্ণই নুঠে৷ উল্লেখযোগ্য যে নেদাৰলেণ্ডৰ হেগ চহৰৰ পীচ পেলেচত ২ আৰু ৩ ফেব্রুৱাৰীত সিন্ধু জলবণ্টন চুক্তি সন্দর্ভত শুনানি ধার্য কৰিছিল আন্তঃৰাষ্ট্রীয় ন্যায়ালয়খনে৷ যোৱা সপ্তাহত এই বিষয়ে ভাৰতলৈ জাননী জাৰি কৰে ন্যায়ালয়ে৷ চুক্তিৰ কাগজ–পত্র জমা দিবলৈ নির্দেশ দিয়ে ন্যায়ালয়ে৷ কিন্তু নতুন দিল্লীয়ে পাকিস্তানৰ এই তৎপৰতাক গুৰুত্ব দিবলৈ ৰাজী নহয়৷
নাম প্রকাশত অনিচ্ছুক এগৰাকী চৰকাৰী বিষয়াৰ বক্তব্য– ‘অবৈধভাৱে গঠিত আন্তঃৰাষ্ট্রীয় ন্যায়ালয়ে নিৰপেক্ষ বিশেষজ্ঞ অবিহনে সমান্তৰাল কার্যকলাপ চলাই গৈছে৷ যিহেতু আমি আন্তঃৰাষ্ট্রীয় ন্যায়ালয়খনৰ বৈধতাক স্বীকাৰ নকৰোঁ সেইবাবে আমি এই সন্দর্ভত কোনো উত্তৰ নিদিওঁ৷’
তেওঁ লগতে কয় যে যিহেতু বর্তমান সিন্ধু জলবণ্টন চুক্তি স্থগিত হৈ আছে, এনে অৱস্থাত ভাৰত উত্তৰ দিবলৈ বাধ্য নহয়৷ তেওঁ মন্তব্য কৰে– ‘এয়া (আন্তঃৰাষ্ট্রীয় ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাটো) আচলতে ভাৰতক অস্বস্তিত পেলোৱাৰ বাবে পাকিস্তানৰ এটা কৌশলহে৷’
উল্লেখযোগ্য যে ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলবণ্টন চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তি অনুসৰি ভাৰতৰ নিয়ন্ত্রণত থাকিব সিন্ধুৰ পূব দিশৰ তিনিখন উপনদী ক্রমে বিপাশা, শতদ্রু আৰু ইৰাৱতীৰ পানী৷ তদুপৰি সিন্ধু আৰু তাৰ দুই উপনদী ঝিলম আৰু চন্দ্রভাগা নদীৰ পানীৰ ওপৰত থাকিব পাকিস্তানৰ অধিকাৰ৷ এই নদীসমূহ ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ দিশে বৈ যায়৷ এই চুক্তিখন স্বাক্ষৰিত হৈছিল নেহৰু আৰু পাকিস্তানৰ সেই সময়ৰ ৰাষ্ট্রপতি আয়ুব খানৰ মাজত৷
চুক্তিৰ চর্তত কোৱা হৈছিল যে ভাৰত আৰু পাকিস্তানে নিজৰ স্বার্থত এই পানীভাগ ব্যৱহাৰ কৰিলেও কোনো অৱস্থাতে জলপ্রবাহ ৰুদ্ধ কৰি ৰাখিব নোৱাৰিব৷ শেহতীয়াকৈ ভাৰতে এই চুক্তি স্থগিত কৰি ৰখাত পাকিস্তানৰ পঞ্জাব আৰু সিন্ধু প্রদেশৰ খেতিবাতি মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হৈছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ এই সিন্ধু আৰু তাৰ উপনদীসমূহৰ পানীৰ ওপৰতে ৮০ শতাংশ নির্ভৰশীল পাকিস্তানৰ কৃষিখণ্ড৷