সম্পাদকীয় : নির্বাচনী ৰণডংকা বাজিল
আগন্তুক ৰঙালী বিহুৰ পূর্বে এটা পর্যায়তে ৯ এপ্রিলত অনুষ্ঠিত হ’ব ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচন৷ দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেওবাৰে আবেলি সংবাদ মেলত অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ কার্যসূচী ঘোষণা কৰে৷ অসম, কেৰালা আৰু পুডুচেৰী বিধানসভা নির্বাচন ৯ এপ্রিলত, তামিলনাডুৰ নির্বাচন ২৩ এপ্রিল, পশ্চিমবংগৰ নির্বাচন ২৩ আৰু ২৯ এপ্রিলত অনুষ্ঠিত হ’ব৷ অসম বিধানসভাৰ নির্বাচন সাধাৰণতে দুটা পর্যায়ত অনুষ্ঠিত হৈ আহিছে যদিও এইবাৰ এটা পর্যায়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে নির্বাচন আয়োগে৷ চুবুৰীয়া পশ্চিমবংগত ২০২১ৰ বিধানসভা নির্বাচন ৮টা পর্যায়ত অনুষ্ঠিত হৈছিল যদিও এইবাৰ দুটা পর্যায়তে নির্বাচন সম্পন্ন কৰাৰ কার্যসূচী লৈছে৷ নির্বাচন আয়োগে নির্বাচনৰ দিন–বাৰ ঘোষণাৰ লগে লগে নির্বাচন অনুষ্ঠিত হ’ব লগা ৰাজ্য পাঁচখনত নির্বাচনী আচৰণবিধি বলৱৎ হৈছে৷ অহা ২৩ মার্চত মনোনয়ন দাখিলৰ অন্তিম দিন নির্ধাৰণ হ’লেও শাসকীয় বিজেপি, অগপ আৰু বিপিএফে প্রার্থী তালিকা ঘোষণা কৰা নাই৷ কংগ্রেছে প্রথম আৰু দ্বিতীয় তালিকাত মুঠ ৬৫টা সমষ্টিৰ মনোনীত প্রার্থীৰ তালিকা ঘোষণা কৰিছে আৰু কংগ্রেছৰ সহযোগী অসম জাতীয় পৰিষদ, চিপিএম, চিপিআই(এমএল) আৰু এএইচপিএলচি দলৰ বাবে মুকলি ৰাখিছে৷ অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ স’তে কংগ্রেছৰ মিত্রতাক লৈ গভীৰ অনিশ্চয়তাৰ সৃষ্টি হ’লেও কংগ্রেছে এতিয়াও কেইটামান সমষ্টিত দলীয় প্রার্থী ঘোষণা কৰা নাই৷ বিশেষকৈ অখিল গগৈয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া শিৱসাগৰ, ৰাইজৰ দলে প্রার্থী ঘোষণা কৰা মৰিয়নিকে ধৰি কেইবাটাও সমষ্টিত কংগ্রেছে প্রার্থী ঘোষণা কৰাৰ পৰা বিৰত আছে৷ মনোনয়ন দাখিলৰ অন্তিম সময় আৰু বিজেপি তথা এনডিএৰ অংশীদাৰ দলসমূহে প্রার্থী ঘোষণালৈ দলটোৱে অপেক্ষা কৰিছে৷
কংগ্রেছ আৰু বিৰোধী দলসমূহে এতিয়াও ৪৬টা সমষ্টিৰ প্রার্থী ঘোষণা কৰা নাই৷ কংগ্রেছৰ সহযোগী কোনো এটা দলে আনুষ্ঠানিকভাৱে প্রার্থী তালিকা ঘোষণা কৰা নাই৷ কংগ্রেছৰ আধৰুৱা প্রার্থী তালিকা ঘোষণাৰ পিছতে দলটোত জিলাই জিলাই ক্ষোভৰ জুই জ্বলিছে৷ বঞ্চিত প্রার্থিত্বপ্রত্যাশী আৰু তেওঁৰ সমর্থকসকলে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ আৰু সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিছে৷ নির্বাচনত প্রধান ৰাজনৈতিক দলসমূহৰ মূল সমস্যাটোৱেই হ’ল দলীয় প্রার্থিত্বপ্রত্যাশীসকলক নির্বাচনৰ প্রাকমুহূর্তত নিয়ন্ত্রণ কৰাটো৷ সাংগঠনিক ভেটি থকা প্রধান ৰাজনৈতিক দলসমূহৰ প্রার্থিত্বপ্রত্যাশীৰ সংখ্যা তুলনামূলকভাৱে অধিক হয়৷ নির্বাচনৰ পূর্বে এনে দলত নতুন নেতাৰ আগমনো ঘটে৷ কিন্তু সকলো প্রার্থিত্বপ্রত্যাশীক দলীয় মনোনয়ন কোনো দলে প্রদান কৰিব নোৱাৰে৷ দলীয় মনোনয়ন এটা সমষ্টিত এজনেহে লাভ কৰে৷ এনে পৰিস্থিতিত দলীয় প্রার্থিত্বপ্রত্যাশীসকলক সৈমান কৰিব পাৰে দলীয় নেতৃত্বইহে৷ কিন্তু কংগ্রেছৰ দলীয় মঞ্চত প্রার্থিত্বক কেন্দ্র কৰি যি বিদ্রোহৰ সূচনা হৈছে এই বিদ্রোহৰ অগনি নির্বাপণ কৰাৰ কোনো পদক্ষেপ কংগ্রেছে গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ ফলত নিশ্চিতভাৱে আগন্তুক নির্বাচনত ইয়াৰ প্রভাৱ প্রতিফলন হোৱাৰ সম্ভাৱনা আছে৷
শাসকীয় বিজেপি, অগপ আৰু বিপিএফে ১৮ মার্চৰ ভিতৰত দলীয় প্রার্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে দল তিনিটাৰ মাজত আসনৰ ভাগ–বাটোৱাৰা সম্পন্ন হৈছে৷ বিজেপি আৰু অগপৰ প্রার্থী তালিকা ঘোষণাৰ লগে লগেও কেতবোৰ সমষ্টিত প্রার্থিত্বৰ পৰা বঞ্চিত নেতা আৰু তেওঁলোকৰ সমর্থকৰ মাজত ক্ষোভ-অসন্তুষ্টি সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈছে৷ বিগত ১০ বছৰত ৰাজ্যৰ ৰাজনীতিত ধাৰাবাহিক আধিপত্য বিস্তাৰেৰে বিজেপি এতিয়া সর্বশক্তিমান দল৷ দলটোৰ অংশীদাৰ ৰূপে অগপ আৰু বিপিএফেও আগন্তুক নির্বাচনত সাফল্যৰ শিখৰত উপৱিষ্ট হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ সেয়ে যিকোনো প্রকাৰে শাসকীয় দলকেইটাৰ প্রার্থিত্ব লাভৰ বাবে অধিকাংশ সমষ্টিতে প্রার্থিত্বপ্রত্যাশীৰ ভিৰ আছে৷ কিন্তু সাম্প্রতিক পৰিস্থিতিত বিজেপিৰ প্রার্থিত্ব লাভ নকৰিলেও দলটোৰ অধিকাংশ নেতাই কংগ্রেছৰ লেখিয়া নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্রোহ ঘোষণা কৰাৰ আশা নাই৷ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ দলীয় মনোনয়ন লাভ নকৰিলেও তৃণমূল পর্যায়ত বিশেষ ভিত্তি থকা নেতাসকলক দলটোৱে উপযুক্ত স্থানত নিয়োজিত কৰাৰ বাবে দলটোৰ শীর্ষ নেতৃত্বই সৈমান কৰাবলৈ সক্ষম হ’ব৷ দলীয় প্রার্থিত্বক লৈ এনডিএৰ অংশীদাৰ বিপিএফে বিটিচিৰ অন্তর্গত ১৫টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিত দলীয় প্রার্থী থিয় কৰাব৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে এতিয়ালৈ কোনো প্রার্থী ঘোষণা কৰা নাই৷ বিপিএফৰ প্রার্থী তালিকাক লৈ বিশেষ প্রতিক্রিয়া হোৱাৰ সম্ভাৱনা নাই৷ হাগ্রামা মহিলাৰীৰ পছন্দৰ তালিকাৰ বিৰুদ্ধে দলটোৰ নেতা-কর্মীয়ে মুকলি প্রতিবাদ কৰাৰ নজিৰ নাই৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে এনডিএৰ অংশীদাৰ হ’লেও এইবাৰ বিধানসভা নির্বাচনত বিজেপিৰ স’তে কোনো সমষ্টিৰে ভাগ–বাটোৱাৰা হোৱা নাই৷ বিজেপিয়ে বিটিচিৰ অন্তর্গত সমষ্টিকেইটাত আসন ভাগ–বাটোৱাৰা কৰিছে বিপিএফৰ স’তেহে৷ দুয়োটা দলক ঐক্যবদ্ধ হ’বলৈ বিজেপিৰ নেতৃত্বৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰামর্শ দিছে যদিও বড়ো ৰাজনীতিত আধিপত্যৰ যুঁজখনৰ বাবে দুয়োটা দলে ঐক্যবদ্ধ হোৱাৰ পথ প্রশস্ত হোৱা নাই৷ ফলত বিটিচিৰ অধিকাংশ বিধানসভা সমষ্টিতে ইউপিপিএলে দলীয় প্রার্থী থিয় কৰোৱাৰ সম্ভাৱনা আছে৷
বিটিচিৰ অন্তর্গত যি তিনিটা সমষ্টিত বিজেপিয়ে প্রার্থী থিয় কৰাব সেইকেইটাত ইউপিপিএল দলে প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকাৰ সম্ভাৱনাও আছে৷ বিটিচিৰ অন্তর্গত সমষ্টিসমূহত সাম্প্রতিক ৰাজনীতি পর্যবেক্ষণ কৰিলে এই কথা স্পষ্ট হয় যে বড়োভূমিত এতিয়া কংগ্রেছ অথবা বিৰোধী দলসমূহৰ বিশেষ সাংগঠনিক ভেটি নাই৷ এটা সময়ত বিটিচিৰ অন্তর্গত গোসাঁইগাঁও, ওদালগুৰি, মাজবাট, পানেৰী, তামুলপুৰ আদিত কংগ্রেছৰ শক্তিশালী সাংগঠনিক ভেটি আছিল আৰু সমষ্টিকেইটাৰ পৰা কংগ্রেছৰ নেতা জয়ী হৈছিল৷ কিন্তু বিগত তিনিটা দশকৰ ভিতৰত বড়োভূমিত কংগ্রেছৰ সাংগঠনিক ভেটিৰ খহনীয়া ইমানেই হৈছে যে কোনো এটা সমষ্টিত দলটোৱে জিকাৰ জোখাৰে শক্তি আহৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ বিটিআৰত বিপিএফ আৰু ইউপিপিএলৰ মাজত মূল যুঁজখন হ’লেও শাসকীয় এনডিএৰ কোনো ক্ষতি নহয়৷