নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গগনযানৰ যাত্রীৰ মডিউলৰ পেৰাছ্যুট পৰীক্ষণ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সফলতা

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : ভাৰতৰ বহুপ্রতীক্ষিত মানৱসহিত মহাকাশ কার্যসূচী গগনযান অভিযানৰ কাৰণে অতি গুৰুত্বপূর্ণ পেৰাছ্যুট প্রশিক্ষণ সফলতাৰে সম্পন্ন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে৷

ইছৰোৱে কালি এই সফল পৰীক্ষণৰ ভিডিঅ’ ফুটেজ আনুষ্ঠানিকভাৱে প্রচাৰ কৰে৷ ইছৰোৱে প্রকাশ কৰা মতে, যোৱা ৮ আগষ্টৰ পৰা ১০ আগষ্টলৈ ইছৰোৱে চণ্ডীগড়ৰ টার্মিনেল বেলিষ্টিক ৰিছার্চ লেব’ৰেটৰী (টিবিআৰএল)ৰ ৰে’লট্রেক ৰ’কেট শ্লেড (আৰটিআৰএছ)ত পৰীক্ষণ সম্পূর্ণ কৰিছে৷ ইছৰোৰ বিক্রম চাৰাভাই মহাকাশ কেন্দ্রৰ অভিযন্তাৰ উপস্থিতিত উচ্চ গতিসম্পন্ন পেৰাছ্যুট ছিষ্টেম নিৰাপদভাৱে খোলা যায় নে নাযায় এই সন্দর্ভত পৰীক্ষা চলাই সফলতা লাভ কৰিছে৷ তিনিটা পর্যায়ত পেৰাছ্যুটৰ প্রশিক্ষণ কৰা হয়৷ আংশিকভাৱে, সম্পূর্ণভাৱে আৰু পুনৰ প্রৱেশৰ ক্ষেত্রত পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয়৷

মহাকাশত প্রথমবাৰৰ বাবে মানৱ মহাকাশচাৰী পঠিওৱাৰ বহুপ্রতীক্ষিত গগনযান অভিযানত তিনিজন মহাকাশচাৰী পঠোৱাৰ লক্ষ্য লৈছে৷ বহুদিন ধৰি মহাকাশত থাকিবলগীয়া এই অভিযান পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ কক্ষপথত থাকিব৷

You might also like