নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ বছৰৰ পাছত মহাকাশত বিৰল পৰিঘটনা

🔹  ৮ এপ্রিলত ৭.৫ মিনিট সম্পূর্ণৰূপে ঢাক খাব সূর্য

বিশেষ বাৰ্তা, ১৬ মার্চ : বছৰৰ প্রথম সূর্যগ্রহণ দেখিবলৈ পোৱা যাব আগন্তুক মাহত৷ এই গ্রহণৰ বিশেষত্ব হৈছে দীর্ঘ সময় ধৰি গ্রহণ চলিব৷ সূর্যক চন্দ্রৰ ছায়াই ঢাকি থাকিব দীর্ঘ সময়৷ বিজ্ঞানীসকলে সদৰী কৰা অনুসৰি, ৮ এপ্রিলত যি গ্রহণ হ’ব, সেয়া বিগত ৫০ বছৰৰ ভিতৰত দীর্ঘতম৷ ৭.৫ মিনিট সময় ধৰি এই গ্রহণৰ ফলত সূর্য সম্পূর্ণৰূপে ঢাক খাই থাকিব৷ পৃথিৱী, চন্দ্র আৰু সূর্য যেতিয়া একেডাল সৰলৰেখাত আহি উপস্থিত হয় আৰু পৃথিৱী আৰু সূর্যৰ মাজত চন্দ্রই অৱস্থান কৰে, তেতিয়া গ্রহণ হয়৷ এই দীর্ঘ পূর্ণগ্রাস সূর্যগ্রহণ অন্তিমবাৰলৈ দেখা গৈছিল ১৯৭৩ চনত৷ ৮ এপ্রিলৰ এই সূর্যগ্রহণ আমেৰিকা, মেক্সিকোসহ প্রশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা দেখিবলৈ পোৱা যাব৷

You might also like