নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ যোগ্যতাই নাই প্লেঅফ খেলাৰ : আৰচিবিৰ অধিনায়ক প্লেছিছ

বিশেষ বাৰ্তা, ২২ মে : চলিত আই পি এলৰ অন্তিমখন মেচত গুজৰাট টাইটানছৰ হাতত পৰাস্ত হৈ আই পি এলৰ প্লে অফত প্রৱেশৰ পথ ৰুদ্ধ হ’ল ফাফ ডু প্লেছিছ নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ৷ মেচখনত পৰাস্ত হোৱাৰ অন্তত আৰ চি বিৰ অধিনায়ক ডু প্লেছিছে দলটোক দোষাৰোপ কৰে আৰু কয় প্রতিযোগিতাখনৰ প্লে অফত প্রৱেশ কৰাৰ দলটোৰ যোগ্যতাই নাই৷ সঁচা কথা ক’বলৈ গ’লে আমি প্রতিযোগিতাখনৰ শ্রেষ্ঠ দলৰ ভিতৰত নপৰোঁ৷ গোটেই প্রতিযোগিতাখনৰ মাত্র কেইজনমান খেলুৱৈহে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ দল হিচাপে আমি অন্তিম চাৰিলৈ যোৱাৰ যোগ্য নাছিলোঁ৷ প্রতিযোগিতাখনত কোহলিয়ে দাঙি ধৰা প্রদর্শনক প্রশংসা কৰি ডু প্লেছিছে কয় যে গুজৰাটৰ বিপক্ষে খেলা মেচখনত কোহলিয়ে শতকীয় ইনিংছ খেলি দলটোক সুন্দৰ অৱস্থাত উপনীত কৰাইছিল যদিও বিপক্ষ দলটোৰ শুভমন গিলৰ শতকৰ বাবে আমি পৰাজয়বৰণ কৰিবলগীয়া হয়৷

You might also like