নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেকচিনৰ মূল্যৰ বিনিময়ত বন্দী মহিলাৰ মুক্তি

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ এগৰাকী মহিলাক ছিৰিয়াৰ পৰা মুক্ত কৰিবলৈ দেশখনক ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিনৰ মূল্য আদায় দিয়াৰ সিদ্ধান্ত লৈছে ইজৰাইলে৷ ইজৰাইল চৰকাৰে ঘোষণা কৰিছে যে ৰাছিয়াৰ মধ্যস্থতাত ছিৰিয়াৰ সৈতে এই সন্দর্ভত এক চুক্তি স্বাক্ষৰ কৰা হৈছে৷ যোৱা মাহত প্রতিৱেশী ছিৰিয়াত ভুলক্রমে সীমা অতিক্রম কৰি প্রৱেশ কৰিছিল ইজৰাইলৰ মহিলাগৰাকীয়ে৷ মহিলাগৰাকীক ডামাস্কাছ প্রশাসনে বন্দী কৰি ৰাখিছে৷

ইজৰাইলে মহিলাগৰাকীক গৃহভূমিলৈ ওভতাই অনাৰ বাবে ১.২ নিযুত মার্কিন ডলাৰ ৰাছিয়াক আদায় দিয়াৰ সিদ্ধান্ত লৈছে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিন ৰাছিয়াই ছিৰিয়াক প্রদান কৰিব আৰু ইয়াৰ মূল্য আদায় দিব ইজৰাইলে৷ ইজৰাইলী সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ ইজৰাইল আৰু ছিৰিয়া দুখন বৈৰী ৰাষ্ট্র৷ এই বৈৰী ৰাষ্ট্রৰ মাজত ক’ৰোনা ভাইৰাছ প্রতিৰোধী ভেকচিনক লৈ ৰাছিয়াই গেম খেলা বুলি ইতিমধ্যে সংবাদ মাধ্যমত সৰৱ চর্চা চলিছে৷

You might also like