নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাৰায়–নৰনাৰায়ণ্ সিংহৰ আদর্শৰে আমি আগুৱাই যাব লাগিব

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  সাংস্কৃতিকভাৱে চহকী জনগোষ্ঠীটোৱেই হৈছে কোচ ৰাজবংশী জনগোষ্ঠী৷ অসম, ভাৰতবর্ষই নহয় সমগ্র বিশ্বৰ ভিতৰতে অন্যতম জনগোষ্ঠী হৈছে কোচ ৰাজবংশী জনগোষ্ঠী৷ আমি নৰনাৰায়ণ, বীৰ চিলাৰায় আৰু শৰৎ চন্দ্র সিংহৰ যি মহান আদর্শ সেই আদর্শৰে আগুৱাই যাব লাগিব৷ এই মন্তব্য মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীৰ৷ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ দ্বি–বাষির্ক টংলা অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে ভাগ লৈ তেওঁ লগতে কয়– জাতিটোৱে কোনো কাৰণে হতাশ হোৱাৰ কাৰণ নাই৷ আপোনালোক যিধৰণে ভূমিপুত্র অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো এগৰাকী ভূমিপুত্র৷ সেয়ে কোচ ৰাজবংশীসকলক আগুৱাই লৈ যোৱাৰ দিশত মুখ্যমন্ত্রীগৰাকীয়ে কোনো কাৰণতে অৱহেলা নকৰে বুলিও উলেখ কৰে প্রেছ উপদেষ্টা গোস্বামীয়ে৷ তেওঁ কয়– পৃথিৱীৰ বুকুত ইতিহাস থকা এটা জাতি হিচাপে জাতিটোৰ প্রতি সন্মান সহকাৰে কাম কৰি অসমী আইৰ স্বভিমান উজলাই আমি সকলোৱে আগুৱাই যাব লাগিব৷ কোনো সংঘাত নোহোৱাকৈ সমন্বয়ৰে আগবাঢ়ি গ’লেহে উন্নয়ন আৰু বিকাশ সম্ভৱ বুলিও গোস্বামীয়ে মন্তব্য কৰে৷ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনৰ ১ বজাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে সদৌ অসম কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীৰ প্রাক্তন সভাপতি গৌতম চহৰীয়াই৷

কোচ ৰাজবংশীসকলৰ ইতিহাসৰ বুকুত সম্পূর্ণ পৰিচয় থকাৰ পিছতো কিন্তু চৰকাৰে বঞ্চিত–লাঞ্ছিত কৰি আহিছে বুলি আক্ষেপ প্রকাশ কৰি প্রাক্তন ছাত্রনেতাগৰাকীয়ে লগতে কয়– চৰকাৰে একে জাতিৰ একে জনগোষ্ঠীৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক ভাগ ভাগ কৰি বিভাজনৰ ৰাজনীতি কৰি আহিছে৷ আমি ঐক্যবদ্ধ হ’লে কোনেও আমাক বঞ্চনা, প্রৱঞ্চনা, বঞ্চিত কৰিব নোৱাৰিব বুলি উল্লেখ কৰি চহৰীয়াই কয়– আমি এখন পতাকাৰ তলত ঐক্যবদ্ধ হ’ব লাগিব আৰু এখন পতাকাৰ তলত আমি আমাৰ পৰিচয় দাঙি ধৰিব পাৰিব লাগিব৷ আমাৰ প্রাপ্য আৰু ন্যায্য দাবী পূৰণ নোহোৱালৈকে আমি আমাৰ সংগ্রাম আগুৱাই নিব লাগিব৷ মুকলি সভাত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, গৃহ নির্মাণ নিগমৰ উপাধ্যক্ষ সুভাষ দত্ত, আক্রাছুৰ সভাপতি কামেশ্বৰ ৰায়কে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি শিৱৰাম ডেকাই৷ মুকলি সভাত বিশিষ্ট সমাজকর্মী ললিত ডেকা আৰু এপিএছচিত সুখ্যাতিৰে উত্তীর্ণ হিৰেন কুমাৰক সম্বর্ধনা জনোৱা হয়৷ লক্ষণীয় যে যোৱানিশা অনুষ্ঠিত বিষয় বাছনি সভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে আধাতে বিষয় বাছনি সভা ত্যাগ কৰি দূৰ–দূৰণিৰ প্রতিনিধিসকলে ঘৰ অভিমুখে ৰাওনা হয়৷ বহু প্রতিনিধিয়ে আনকি নোখোৱাকৈ যাবলৈ বাধ্য হয়৷ এনে এক অবাঞ্ছিত পৰিস্থিতিৰ বাবে আদৰণী সমিতিয়ে সকলো প্রতিনিধিৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰিছে৷ আনহাতে, তুমুল বাক–বিতণ্ডাৰ মাজতে সদৌ অসম কোচৰাজবংশী সন্মিলনীৰ দুবছৰীয়া কার্যকালৰ বাবে নতুন সমিতিখন গঠন কৰা হয়৷ বিশিষ্ট সমাজকর্মী তথা কোচ ৰাজবংশী সন্মিলনীৰ কার্যকৰী সভাপতি প্রণৱ নাৰায়ণ দেৱক সভাপতি (দৰং), ভোলা বৰাক কার্যকৰী সভাপতি আৰু ৰণাদিত্য কুমাৰ বর্মনক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন কার্যনির্বাহকখন গঠন কৰা হয়৷

You might also like