নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম ভাৰতীয় হিচাপে টি–২০ত ১২ হাজাৰ ৰান বিৰাটৰ

🔹 কেইবাটাও নজিৰ গঢ়িলে কোহলিয়ে

বিশেষ বাৰ্তা, ২৩ মার্চ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সপ্তদশ সংস্কৰণৰ উদ্বোধনী মেচখনত ভাগ লৈ কেইবাটাও নজিৰ গঢ়িলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনত কোহলিয়ে ২১ ৰান কৰি বিদায় লয় যদিও কেইবাটাও নজিৰ গঢ়ে৷ টি–২০ ক্রিকেটত ১২ হাজাৰ ৰান সম্পূর্ণ কৰি ভাৰতৰ প্রথম আৰু বিশ্বৰ দ্বিতীয়গৰাকী বেটাৰ হিচাপে অভিলেখ গঢ়ে কোহলিয়ে৷ এতিয়ালৈকে ৩৭৭খন টি–২০ মেচত ৮টা শতকৰ উপৰি ৯১টা অর্ধশতক অর্জন কৰিছে কোহলিয়ে৷ আনহাতে, আইপিএলৰ সর্বকালৰ সর্বাধিক ৰান কৰাৰ অভিলেখটো কোহলিৰ দখলতেই আছে৷ তাৰকা বেটাৰগৰাকীয়ে আইপিএলত এতিয়ালৈকে ৭টা শতক আৰু ৫০টা অর্ধশতকেৰে ৭২৮৪ ৰান সংগ্রহ কৰিছে৷ ইপিনে, আইপিএলত চেন্নাইৰ বিপক্ষে এহাজাৰ ৰান সম্পূর্ণ কৰা কোহলিয়ে একেৰাহে ১৭টা বছৰ এটা দলৰ হৈ খেলি এক অনন্য অভিলেখ গঢ়ে৷ ২০০৮ চনৰ পৰা আৰম্ভ হোৱা আইপিএলত কোহলিয়ে ৰয়েল চেলেঞ্জার্ছ বেংগালুুৰুক প্রতিনিধিত্ব কৰি আছে আৰু বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতাখনত একেৰাহে ১৭টা বছৰ একেটা দলৰ হৈ খেলা প্রথমগৰাকী বেটাৰ হিচাপে নজিৰ গঢ়ে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে৷ কোহলিৰ উপৰি মহেন্দ্র সিং ধোনী আৰু ৰোহিত শর্মায়ো একেৰাহে আইপিএলৰ ১৭টা সংস্কৰণত অংশ লৈছে যদিও দুয়োগৰাকী খেলুৱৈয়ে এটা দলৰ হৈ একেৰাহে খেলা নাই৷ ধোনীয়ে দুবছৰ ৰাইজিং পুনে ছুপাৰ জায়েণ্টছৰ হৈ খেলাৰ বিপৰীতে ৰোহিত শর্মাই ডেক্কান চার্জাৰ্ছ (বর্তমানৰ ছানৰাইজার্ছ হায়দৰাবাদ)ৰ হৈ প্রথম দুবছৰ খেলিছিল৷ আনহাতে, ঋদ্ধিমান সাহায়ো একেৰাহে ১৭টা বছৰ আইপিএল খেলিছে যদিও তেওঁ কলকাতা নাইট ৰাইডার্ছ, চেন্নাই ছুপাৰ কিংছ, পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছৰ হৈ খেলিছে৷

You might also like