নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দেনবার্গ গোচৰ : আদানি গ্রুপক ক্লীনচিট ছেবিৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ কোম্পানী হিন্দেনবার্গ ৰিচার্ছে উদ্যোগপতি তথা আদানী গ্রুপৰ অধ্যক্ষ গৌতম আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিক প্রতিবেদনত তথা হিন্দেনবার্গ গোচৰত ক্লিনচিট দিলে দ্য ছিকিউৰিটিজ এণ্ড এক্সেঞ্জ বোর্ড অৱ ইণ্ডিয়া চমুকৈ ছেবিয়ে৷

গৌতম আদানীৰ বিৰুদ্ধে হিন্দেনবার্গে উত্থাপন কৰা অভিযোগ প্রমাণিত কৰিবলৈ কোনো তথ্য দাখিল কৰিব নোৱাৰিলে অর্থাৎ আদানী গ্রুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্রমাণিত নহ’ল বাবে ছেবিয়ে এই গোচৰত আদানী গ্রুপক ক্লিনচিট দিয়ে৷ ছেবিয়ে দুটা পৃথক নির্দেশত হিন্দেনবার্গৰ উত্থাপিত অভিযোগ সন্দর্ভত আদানী গ্রুপৰ বিৰুদ্ধে কোনো জৰিমনা আৰোপ কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে ২০২১ চনত হিন্দেনবার্গে উত্থাপন কৰা অভিযোগ অনুসৰি আদনী গ্রুপে বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিবলৈ তিনিটা কোম্পানী আদিকর্প এণ্টাৰপ্রাইজ, মাইলষ্টন ট্রেডলিংক আৰু ৰেহভাৰ এনফাকষ্ট্রার্কছাৰলৈ ধনৰ লেনদেন কৰিছিল৷ বিনিয়োগকাৰী ব্যক্তি তথা কোম্পানীক আভুৱা ভাৰিবলৈ এই তিনিটা কোম্পানীক লৈ ধন লেনদেন কৰিছিল আদানী গ্রুপে৷

You might also like