এছিয়া কাপ : গ্রুপৰ আজি অন্তিম মেচত ভাৰতৰ সন্মুখত ওমান
নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : সংযুক্ত আৰব আমীৰশ্বাহীত পূর্ণগতিত চলি থকা এছিয়া কাপৰ আজি গ্রুপ এৰ অন্তিমখন মেচত টীম ইণ্ডিয়া ওমানৰ বিপক্ষে মুখামুখি হ’ব৷ ইতিমধ্যে প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰত স্থান লাভ কৰা টীম ইণ্ডিয়াৰ বাবে আজিৰ মেচখন বিশেষ গুৰুত্বপূর্ণ নহয় যদিও জয়ৰ ধাৰা অব্যাহত ৰখাৰ লগতে খেলপথাৰত নামিব৷ ছুপাৰ ফ’ৰৰ প্রস্তুতিস্বৰূপে আজিৰ মেচখন গুৰুত্বসহকাৰে লৈছে সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ অৱশ্যে আজিৰ এই মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে৷
ছুপাৰ ফ’ৰৰ প্রতি লক্ষ্য ৰাখি তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহক আজিৰ মেচখনত বিশ্রাম দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ বুমৰাহৰ স্থানত অর্শদীপ সিং অথবা হর্ষিত ৰাণাক মূল একাদশত অন্তর্ভুক্ত কৰাৰ চিন্তা–চর্চা কৰিছে দলীয় মেনেজমেণ্টে৷ বুমৰাহৰ বাহিৰে দলটোত বিশেষ সালসলনি হোৱাৰ সম্ভাৱনা নাই৷ ওমানৰ বিপক্ষে পূর্ণশক্তিৰে নামিব ভাৰতীয় দলটো ৷
আজিৰ মেচখনত ভাৰতীয় দলটোৰ সদস্যসকলে নিজৰ ত্রুটিবোৰ শুধৰাই লোৱাৰ সুযোগ লাভ কৰিব৷ মেচখন সন্দর্ভত ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে ইতিমধ্যে আমি ছুপাৰ ফ’ৰত স্থান সুৰক্ষিত কৰিছোঁ যদিও কাইলৈৰ মেচখনত ওমানক আমি সহজভাৱে ল’ব বিচৰা নাই৷ আমি পূর্ণশক্তিৰে মেচখনত অৱতীর্ণ হ’ম৷ অৱশ্যে বুমৰাহক বিশ্রাম দিয়াৰ চিন্তা–চর্চা কৰিছোঁ৷ যদি বুমৰাহক বিশ্রাম দিয়া হয়, তেতিয়াহ’লে অর্শদীপ সিঙক মূল একাদশত অন্তর্ভুক্ত কৰা হ’ব৷
খেলৰ সময় : নিশা ৮ বজা৷