ACS নূপুৰক লৈ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান
এ চি এছ বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চি এম ভিজিলেঞ্চে অভিযান চলাইছে। আজি পুৱাৰ পূৰ্বে কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয় ভিজিলেঞ্চৰ বৃহৎ দল।
অভিযুক্ত ACS বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত তন্ন তন্নকৈ চলাই গৈছে অভিযান। সম্পত্তিৰ পাহাৰ গঢ়া নূপুৰ বৰা গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাও বিভিন্ন লাটমণ্ডল আৰু দালালৰ জৰিয়তে দৰিদ্ৰ দুখীয়াৰ পৰা কোটি কোটি টকা সৰকাই আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপণ কৰিছিল পুৱছমৰীয়া গৰৈমাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী তদাৰকী শাখালৈ লিখিত অভিযোগ দাখিল কৰিছিল।
এই মুহুৰ্তলৈ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ দলে চলাই গৈছে অভিযান।
নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ১৯ ছেপ্টেম্বৰ