নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিৰ সমীপত গোপন আন্তঃগাঁথনি চীনৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ লাডাখৰ পূব প্রান্তৰ এল এ চিৰ পৰা চীন আৰু ভাৰতে সেনা প্রত্যাহাৰৰ সন্মতিৰ পাছতো ৰঙা চীনে এল এ চিৰ সমীপত আন্তঃগাঁথনি নির্মাণ সংগোপনে চলাই আছে৷ এল এ চিৰ সমীপত চীনৰ পি এল এ আন্তঃগাঁথনি নির্মাণ কৰি ভাৰতৰ বাবে প্রত্যাহ্বান থিয় কৰাব বিচাৰিছে৷ কৃত্রিম উপগ্রহৰ দ্বাৰা সংগৃহীত আলোকচিত্রত এল এ চিৰ সমীপতে চীনে পথ নির্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

দ্য হংকং পোষ্টত প্রকশিত বাতৰি মতে, এল এ চিৰ বিবদমান অঞ্চলত চীনে আন্তঃগাঁথনি নির্মাণ নকৰোঁ বুলি প্রতিশ্রুতি দিয়াৰ পাছতো সংগোপনে এল এ চিৰ সমীপলৈ পথ নির্মাণ কৰি আছে৷ এল এ চিৰ ৱেষ্টার্ন ছেক্টৰৰ সৈতে সংলগ্ণ ডেপচাও সমতলৰ সমীপত চীনে আন্তঃগাঁথনি উন্নীত কৰি আছে৷ ডেপচাওলৈ টাইনৱেনডিয়ান হাইৱে’ৰ সম্প্রসাৰণ কৰি আছে চীনে৷ উল্লেখ্য যে ভাৰতৰ সর্বোচ্চ এয়াৰ ফিল্ড দৌলৎ বেগ অ’ল্ডিৰ পৰা মাত্র ২৪ কিলোমিটাৰ নিলগত চীনে এই পথটো নির্মাণ কৰি আছে৷ অর্থাৎ দৌলৎ বেগ অ’ল্ডি এয়াৰ ফিল্ডলৈ পথ সম্প্রসাৰণ কৰি আছে চীনে৷

হংকং পোষ্টত প্রকাশিত বাতৰিত ২০২১ চনৰ ১৭ আগষ্টত কৃত্রিম উপগ্রহই সংগ্রহ কৰা পথ নির্মাণৰ আলোকচিত্র পোহৰলৈ অহাৰ পাছতেই নতুন দিল্লীয়ে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে চীনৰ টিয়ানৱেনডিয়ানৰ পি এল এৰ নিৰীক্ষণ চকী সংযোগী হাইৱে’টো আকছাই চীনৰ পৰা ডেপচাও সমতললৈ সংযোগ কৰাৰ সম্ভাৱনা আছে৷ এই ডেপচাও হৈছে ভাৰতৰ দৌলৎ বেগ অ’ল্ডি এয়াৰ ফিল্ড আৰু কাৰাকোৰাম গিৰিপথৰ নিচেই ওচৰত৷ এনে কাৰণতে চীনৰ এই পথ সম্প্রসাৰণ ভাৰতৰ প্রতি ভাবুকি হ’ব পাৰে৷

You might also like