নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটক-বনভোজকাৰীৰ বাবে মুকলি প্ৰকৃতিৰ সৌন্দৰ্যৰাণী বগামাটি

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : এটা ঋতুৰ বিদায়ৰ পিছত আন এটা ঋতুৱে নতুন ৰং-ৰূপৰ প্ৰতিফলন ঘটায় ৷ তেতিয়া প্ৰকৃতি হৈ পৰে অনন্য ৷ প্ৰকৃতিৰ স’তে উমলিবৰ বাবে মানুহৰ মন-প্ৰাণ উদ্বাউল হৈ পৰে ৷ ঋতুৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰ পৰিৱৰ্তিত মোহনীয় ৰূপক কাষৰ পৰা উপভোগ কৰাৰ বাবে ভ্ৰমণ-পিপাসু লোকে বিচাৰি ফুৰে উপযুক্ত পৰ্যটনস্থলী ৷ বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম ভূমিতো আৰম্ভ হৈছে শীত ৷ এই সময়ছোৱাত পাতল মেঘ আৰু ধোঁৱাৰ চাদৰেৰে আবৃত ধৰণীৰ মোহনীয় ৰূপ আৰু মিঠা ৰ’দৰ আমেজেই যে সুকীয়া ৷ শাৰী শাৰী গছ-গছনি, পাহাৰ, কুলু-কুলু নদীৰে পৰিৱেষ্টিত, মন হৰি নিয়া ইয়াৰ বিশাল শিলাময় বুকু, হেজাৰ-বিজাৰ বগৰীগছ, শান্ত-সমাহিত নিৰিবিলি পৰিৱেশ, বিবিধ চৰাইৰ বিননি ৷- এই সকলোৰে সন্মিলন বগামাটি ৷ বগামাটি বাক্সা (নৱগঠিত তামুলপুৰ) আৰু ওদালগুৰি জিলাৰ সংযোগস্থলীত অৱস্থিত ৷ ইতিমধ্যে বগামাটি পৰ্যটক আৰু বনভোজকাৰীসকলৰ অন্যতম আকৰ্ষণত পৰিণত হৈছে ৷ গোৰেশ্বৰৰ পৰা মাথোঁ ত্ৰিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত বগামাটিক “পীলখানা’’ বুলিও জনা যায় ৷ বগামাটিৰ মূল আকৰ্ষণ ইয়াৰ জৈৱ-বৈচিত্ৰ্য ৷ ইয়াৰ গাতে লাগি আছে নল গাহৰিৰ অন্যতম আৱাসভূমি বৰনদী অভয়াৰণ্য ৷ ভূটানৰ মৰচলা আৰু দীঘলাই নৈ মিলি বৰনদী নাম লৈ দক্ষিণলৈ আহি ৯৮নং সীমান্ত খুঁটাৰ কাষেৰে অসমত সোমাই বগামাটিৰ বুকুৰে বৈ গৈছে ৷ এই বৰনদী নামনিত আহি বগামাটিত কেইবাটাও ভাগত বিভক্ত হৈছে ৷ খৰালি কালত ধীৰ-স্থিৰ আৰু ইয়াৰ পানী ফটফটীয়া ৷ নৈখন সম্প্ৰতি দুঃসাহসিক অভিযান তথা ৰাফটিং উপযোগী বুলি প্ৰমাণিত হৈছে ৷ বিগত বছৰকেইটাত কেইবাটাও ট্ৰেকিং, ৰাফটিং আৰু পৰ্বতাৰোহণৰ প্ৰশিক্ষণ সম্পন্ন হৈছে ৷ অঞ্চলটোত হিমালয়ৰ ক’লা ভালুক, বিভিন্ন প্ৰজাতিৰ বাঘ, বনৰীয়া গাহৰি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, বনৰীয়া গৰু, বিভিন্ন প্ৰজাতিৰ পহু, বনৰীয়া ম’হ, মেথোন, হাতী, বিভিন্ন প্ৰকাৰৰ সৰীসৃপ, কাছ আদি বৰ্তমান দেখিবলৈ পোৱা যায় ৷ বিভিন্ন প্ৰকাৰৰ বৃক্ষ-গুল্ম-লতাজাতীয় মূল্যৱান গছ-গছনিৰে পৰিৱেষ্টিত বগামাটি ধনেশ পক্ষী, ময়ূৰ, বুলবুলি চৰাই, ফেঁচা আদিৰ উপৰি প্ৰতি বছৰে শীত কালত বালিমাহী, ৰূপহী চৰাই থ্ৰাৰ্চ আৰু ব্লেক থ্ৰাৰ্চ, দীঘল নেজীয়া ধোৱা আৰু ক’লাবৰণীয়া শ্ৰাইক বাৰ্ড, ৰেড চাৰ্ট, বিভিন্ন প্ৰজাতিৰ পাত চৰাই লীভ বাৰ্ড, শিল কটৰা আদি পৰিভ্ৰমী চৰাইৰ কাকলিত মুখৰিত হৈ পৰে ৷ ৰাজধানী চহৰৰ পৰা মাত্ৰ ৯৫ কিলোমিটাৰ দূৰৈৰ, বাক্সা আৰু ওদালগুৰিৰ গৌৰৱ বগামাটি অসমৰ ভূ-স্বৰ্গ ৷ ঘন বনাঞ্চল, দুৰ্গম বাট-পথ, জয়াল পৰিৱেশৰ বাবে পাণ্ডৱ বৰ্জিত ঠাইখনৰ বিষয়ে অজ্ঞ আছিল অসমৰ সাধাৰণ জনতা৷ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সৌ-সিদিনালৈকে অসমৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ অবাধ অহা-যোৱা এটা গুৰুত্বপূৰ্ণ পথ, ট্ৰেনজিট ৰূপ ৷ পূৰ্বৰ নলবাৰী, কামৰূপ, দৰং আৰু বৰ্তমানৰ বাক্সা (নৱগঠিত তামুলপুৰ) আৰু ওদালগুৰি জিলা লগ হৈ এটা বিন্দুত লগ লগা ঠাইখন ঝনঝননিত মুখৰিত হৈছিল আৰু কেতিয়াবা ভাঁহি আহিছিল বুকু কঁপোৱা গুলী-বাৰুদৰ ভয়ংকৰ শব্দ ৷ এতিয়া গুলী-বাৰুদৰ, বোমাৰ শব্দৰ বিপৰীতে শুনা যায় ঢোল, গীটাৰ, চিফুঙৰ সুৰ ৷

বগামাটিৰ অঞ্চলটোৰ কেইবাগৰাকী যুৱকে মিলি দাওৰাঝাৰ ইক’ ট্যুৰিজিম ছ’চাইটী নামকৰণেৰে এটি স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দিয়ে ৷ সেই সংগঠনটোৱে বনভোজ দল তথা পৰ্যটকক সুৰক্ষা দিয়া, বগামাটিক পৰিষ্কাৰ কৰি ৰখা, হাই-কাজিয়া ৰোধ কৰা আদি দায়িত্ব মূৰ পাতি লৈছে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে বনভোজৰ দল তথা পৰ্যটকৰ বাবে শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ আদি নিৰ্মাণ কৰি সেৱা আগবাঢ়াই অহাৰ লগতে খোৱাপানী আদিৰো ব্যৱস্থা কৰি দিয়ে ৷ বনভোজ দলসমূহে দূৰ-দূৰণিৰ পৰা লৈ অহা সৰু-বৰ যান-বাহনসমূহ পাৰ্কিং কৰাৰ সু-ব্যৱস্থা কৰাৰ উপৰি যান-বাহন সুৰক্ষাৰ বাবে নিয়োজিত কৰে নিৰ্দিষ্ট লোকক ৷ দাওৰাঝাৰ ইক’ ট্যুৰিজিম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বগামাটিক চাফচিকুণকৈ ৰখাৰ উপৰি বনভোজকাৰী দলে যিকোনো অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হ’লে সহায়ৰ হাত আগবঢ়াবলৈ সদা অতন্ত্ৰ প্ৰহৰী হৈ থাকে ৷ যান্ত্ৰিক জীৱনৰ ব্যস্ততা পাহৰি প্ৰকৃতিৰ সৈতে একাত্ম হৈ এখাজ খোৱাৰ বাবে বনভোজকাৰী দলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীসকলৰ আগমন ঘটিছে ৷ বগামাটিক কেন্দ্ৰ কৰি বিগত বৰ্ষত আৰম্ভ হয় এক নতুন অধ্যায়ৰ ৷ ৰাজ্যৰ কেইবাগৰাকী প্ৰতিষ্ঠিত যুৱ সংগীত শিল্পীয়ে প্ৰস্তুত কৰি উলিয়ায় “বগামাটি’’ নামৰ ভিডিঅ’ আৰু অডিঅ’ এলবাম ৷ অডিঅ’ এলবামটোত বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বৰ্ণনাৰে কেইবাটাও সুন্দৰ গীতৰ সমাহাৰ ঘটাত বিশেষভাৱে বগামাটি নামৰ এলবামটো বিটিএডি অঞ্চল তথা বনভোজকাৰী আৰু পৰ্যটকে আঁকোৱালি লোৱা পৰিলক্ষিত হ’য় ৷ এইবেলি বগামাটিত পৰ্যটক আৰু বনভোজকাৰীসকলৰ বাবে ৰাফটিং, ঘোঁৰা ছাফাৰী, ৰোপৱে আদিৰ ব্যৱস্থা কৰে ৷ পৰ্যটক আৰু বনভোজকাৰীসকলৰ বাবে বগামাটি মুখ্যদ্বাৰৰ ৰঙা ফিতা কাটি মুকলি কৰে নালাপাৰা ৰেঞ্জৰ ৰেঞ্জাৰ ৰাজেন বসুমতাৰীয়ে ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত আহক বগামাটিলৈ ৷ নিজৰ প্ৰিয়জনৰ সৈতে এসাঁজ খাই নিজকে বিলীন কৰি দিয়ক বগামাটিত ৷

প্ৰেৰক পৱন নাথ

You might also like