নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কোৰিয়াৰ মীন বিষয়াক নৃশংসভাৱে হত্যাৰ পিছতে উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ দক্ষিণ কোৰিয়াৰ এগৰাকী মীন বিভাগৰ বিষয়াক উত্তৰ কোৰিয়াৰ সেনাই গুলীয়াই পিছত মৃতদেহ জ্বলাই দিয়া ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ দুয়োখন দেশৰ মাজত এই ঘটনাক কেন্দ্র কৰি তাৎক্ষণিকভাৱে মতানৈক্য তীব্রতৰ হৈছে৷ দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ উত্তৰ কোৰিয়া বাহিনীৰ এই নৃশংস কার্যক প্রতিৱেশী ৰাষ্ট্রখনে কঠোৰ ভাষাৰে গৰিহণাও দিছে৷

স্মর্তব্য যে মীন বিভাগৰ বিষয়াগৰাকীৰ এখন পেট্র’ল ব’টেৰে সীমান্তৰ জলৰাশিৰ পৰা ভুলবশতঃ উত্তৰ কোৰিয়াত প্রৱেশ কৰিছিল৷ তেতিয়াই উত্তৰ কোৰিয়াৰ সেনাই বিষয়াগৰাকীক গুলীয়াই হত্যা কৰে আৰু মৃতদেহত তেল ঢ়ালি জ্বলাই দিয়ে৷ ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে প্রতিৰোধমূলক ব্যৱস্থা হিচাপে এনেদৰে দক্ষিণ কোৰিয়াৰ বিষয়াগৰাকীক গুলীয়াই হত্যা কৰি জ্বলাই দিয়া বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

অৱশ্যে ছিউল প্রশাসনৰ কঠোৰ প্রতিক্রিয়া সত্ত্বেও কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই উত্তৰ কোৰিয়াই৷ দুই প্রতিৱেশী ৰাষ্ট্রৰ সীমান্তত উভয় দেশৰ নিৰাপত্তা বাহিনীয়ে নিশ্ছিদ্র ব্যৱস্থা গ্রহণ কৰি আহিছে৷ শেহতীয়াকৈ উত্তৰ কোৰিয়াই সীমান্তত দক্ষিণৰ লোক দেখিলেই গুলীওৱাৰ নির্দেশ দিছে৷

You might also like