বাংলাদেশৰ পৰম্পৰা ভংগ কৰি ছাউথ প্লাজাত শপত গ্ৰহণৰ আয়োজন তাৰিক ৰহমানৰ
বাংলাদেশত অনুষ্ঠিত ১৩সংখ্যক সংসদীয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত নতুন চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৭ ফেব্ৰুৱাৰী (মঙলবাৰ)ত Bangladesh Nationalist Party (BNP)ৰ সভাপতি তাৰিক ৰহমানে প্ৰধানমন্ত্ৰীৰ পদত শপত ল’ব। শপত গ্ৰহণ অনুষ্ঠান মঙলবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে। মুখ্য নিৰ্বাচন আয়ুক্তই ২৯৮জন নতুন সাংসদক শপত গ্ৰহণ কৰালে। সন্ধিয়া প্ৰায় ৪ বজাৰ সময়ত ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসকলক শপত গ্ৰহণ কৰাব।
BNPপ্ৰধান তাৰিক ৰহমানে বহুদিনীয়া পৰম্পৰা ভংগ কৰি এইবাৰ শপত গ্ৰহণ অনুষ্ঠান বঙ্গভৱনৰ সলনি জাতীয় সংসদ চৌহদৰ ছাউথ প্লাজাত আয়োজন কৰিছে। মহম্মদ চাহাবুদ্দিনে দুপৰীয়া সংসদৰ ছাউথ প্লাজাত নতুন কেবিনেটক শপত গ্ৰহণ কৰাব। সংসদ সচিবালয়ত সন্ধিয়া ৪ বজাৰ পৰা নতুন মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
এই অনুষ্ঠানলৈ ভাৰতকো নিমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে নৰেন্দ্ৰ মোদী বাংলাদেশলৈ যোৱা নাই। ভাৰতৰ পক্ষৰ পৰা ওম বিৰলা অনুষ্ঠানত উপস্থিত থাকিব। সূত্ৰ অনুসাৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু লোকসভাৰ মহাসচিব উৎপল কুমাৰ সিঙো উপস্থিত থাকিব পাৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত তাৰিক ৰহমানক অভিনন্দন জনাইছিল আৰু দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছিল। শপত গ্ৰহণৰ এদিন পূৰ্বে ১৬ ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন চৰকাৰে পদত্যাগ কৰে।
তাৰিক ৰহমানৰ নেতৃত্বত BNPয়ে ২৯৭খন আসনৰ ভিতৰত ২০৯খনত জয়লাভ কৰে। Jamaat-e-Islami ৬৮খন আসনত জয়ী হয়। উল্লেখ্য যে শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগক নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বাৰণ কৰা হৈছিল।
BNPৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুল ইছলাম আলমগীৰে কয় যে বাংলাদেশৰ স্বাৰ্থ ৰক্ষা কৰা প্ৰকল্পসমূহ আগবঢ়োৱা হ’ব আৰু ভাৰতৰ সৈতে উন্নয়ন সহযোগিতা অধিক গভীৰ কৰা হ’ব।
মুখ্য নিৰ্বাচন আয়ুক্ত এএমএম নাছিৰউদ্দিনে ২৯৮জন সাংসদক শপথ গ্ৰহণ কৰালে। সন্ধিয়া ৪ বজাৰ সময়ত ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে তাৰিক ৰহমান আৰু তেওঁৰ মন্ত্ৰীসভাক পদৰ শপত গ্ৰহণ কৰাব। অনুষ্ঠানত প্ৰায় ১২০০ অতিথি উপস্থিত থাকিব।
প্ৰতিবেদন অনুসাৰে BNP সভাপতি তাৰিক ৰহমান সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। আনহাতে জামাত-এ-ইছলামীৰ নায়েবে আমীৰ ছৈয়দ আব্দুল্লা মুহাম্মদ তাহিৰে কয় যে সাংবিধানিক সংস্কাৰ পৰিষদ সন্দৰ্ভত সিদ্ধান্তৰ ওপৰত তেওঁলোকৰ স্থিতি স্পষ্ট।
তাৰিক ৰহমানে ঢাকা-১৭ আসন নিজৰ লগত ৰাখি বগুড়া-৬ আসন খালী কৰাৰ সিদ্ধান্ত লয়। নিৰ্বাচন আয়োগে আইন অনুসাৰে ৯০ দিনৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।
অন্তৱৰ্তীকালীন নেতা মহম্মদ ইউনুছে ৰাষ্ট্ৰক সম্বোধন কৰি পদত্যাগ ঘোষণা কৰে আৰু নতুন চৰকাৰক ক্ষমতা হস্তান্তৰ কৰে।
ইফালে BNPৰ দুজন হিন্দু সাংসদ নিৰ্বাচিত হৈছে। ঢাকা-৩ আসনৰ জয়ী গয়েশ্বৰ চন্দ্ৰ ৰায়ক নতুন কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী