২০২৬-২৭ বৰ্ষৰ লেখানুদান দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ আজি পুৱাৰে পৰা আৰম্ভ হৈছে অধিৱেশনৰ কাৰ্যসূচী। বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৬-২৭ বৰ্ষৰ লেখানুদান দাখিল কৰিছে। আগন্তুক বিত্তীয় বৰ্ষৰ ৪ মাহৰ বাবে অৰ্থাৎ ২০২৬-২০২৭ বৰ্ষৰ বাবে ২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ ব্যয়ৰ লেখানুদান দাখিল কৰে।
চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২৫,৮৯৮.৯৭ কোটি টকাৰ এক পৰিপূৰক বাজেট অসম বিধানসভাত উত্থাপন কৰা হয়। অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে সদনত এই পৰিপূৰক বাজেট দাখিল কৰে।
২০২৫-২৬ বৰ্ষৰ বাবে ‘পৰিপূৰক মঞ্জুৰীৰ দাবীৰ তালিকা’ আৰু ‘পৰিপূৰক বিনিয়োগ’ হিচাপে এই লেখানুদান উপস্থাপন কৰা হৈছে। অহা ১৮ ফেব্ৰুৱাৰীত সদনত এই বাজেটৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব।
১৬ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা এই চাৰিদিনীয়া অধিৱেশন ১৯ ফেব্ৰুৱাৰীলৈকে চলিব। ই বৰ্তমানৰ বিধানসভাৰ কাৰ্যকালৰ অন্তিম পৰ্যায় হিচাপে গণ্য কৰা হৈছে।
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত ৰাজ্য চৰকাৰে পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান (Vote-on-Account) উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই অন্তৱৰ্তীকালীন ব্যৱস্থাই নতুন চৰকাৰ গঠন নোহোৱালৈকে আৰু পূৰ্ণাংগ বাজেট গৃহীত নোহোৱালৈকে চৰকাৰক জৰুৰী ব্যয়সমূহ চলাই নিবলৈ সহায় কৰিব।
বিত্তীয় কাৰ্যসূচীৰ উপৰি এই অধিৱেশনত এখন সংশোধনী বিধেয়ক উত্থাপন কৰাৰ কথাও আছে।
উল্লেখ্য যে এই অধিৱেশনখন যথেষ্ট তাৎপৰ্যপূৰ্ণ, কিয়নো ই ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অন্তিম বিধানসভা অধিৱেশন। ইয়াৰ সৈতে পঞ্চদশ অসম বিধানসভাৰ কাৰ্যকালৰ সমাপ্তি ঘটিব।
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী